SCC Assam Official

SCC Assam Official Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from SCC Assam Official, Sports, Guuhati Assam, Guwahati.

নাৰী হৈছে শক্তি আৰু প্ৰেৰণাৰ প্ৰতীক..সমাজৰ প্ৰতিটো ক্ষেত্ৰত নাৰীসকলৰ সাহস, শক্তি আৰু ত্যাগ আমাৰ বাবে সদায় প্ৰেৰণা। নাৰী...
08/03/2026

নাৰী হৈছে শক্তি আৰু প্ৰেৰণাৰ প্ৰতীক..
সমাজৰ প্ৰতিটো ক্ষেত্ৰত নাৰীসকলৰ সাহস, শক্তি আৰু ত্যাগ আমাৰ বাবে সদায় প্ৰেৰণা। নাৰী শক্তিৰ সন্মান, সুৰক্ষা আৰু সমঅধিকাৰৰ দিশত আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ।

ভৱিষ্যতৰ উন্নয়নৰ পথত নাৰীসকলৰ সক্ৰিয় অংশগ্ৰহণে আমাৰ সমাজ আৰু দেশক অধিক শক্তিশালী কৰি তোলাৰ কামনাৰে আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনটোত সকলো মাতৃ, ভগ্নীলৈ এছ চি চি অসমৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

মৰিগাঁও জিলাৰ নতুনকৈ দায়িত্ব লাভ কৰা অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক শ্ৰী কংকন কুমাৰ নাথ ডাঙৰীয়াৰ সৈতে বিভিন্ন বিষ...
08/03/2026

মৰিগাঁও জিলাৰ নতুনকৈ দায়িত্ব লাভ কৰা অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক শ্ৰী কংকন কুমাৰ নাথ ডাঙৰীয়াৰ সৈতে বিভিন্ন বিষয়ত বাৰ্তালাপ কৰাৰ ওপৰিও শুভেচ্ছা জ্ঞাপন কৰে এছ চি চি অসমৰ সভাপতি ( ড°) ছাব্বিৰ হুছেইনে।

যোৱা  ১৩ ফেব্ৰুৱাৰীত মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক শ্ৰী সমীৰণ বৈশ্য ডাঙৰীয়াই বৰপেটা   জিলালৈ বদলি হোৱাৰ প্ৰাকক্...
22/02/2026

যোৱা ১৩ ফেব্ৰুৱাৰীত মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক শ্ৰী সমীৰণ বৈশ্য ডাঙৰীয়াই বৰপেটা জিলালৈ বদলি হোৱাৰ প্ৰাকক্ষণত তেখেতক এছ চি চি অসম ৰাজ্যিকৰ তৰফৰ পৰা বিদায়ী সম্বৰ্ধনা জ্ঞাপন কৰোঁ। অনুষ্ঠানত এছ চি চি অসমৰ ৰাজ্যিক সভাপতি (ড°) ছাব্বিৰ হুছেইন ডাঙৰীয়াৰ সৈতে ৰাজ্যিক সাংস্কৃতিক সম্পাদিকা মৃদুলা পাতৰ বাইদেউ উপস্থিত থাকে।

যোৱা ৯ ফেব্ৰুৱাৰীত মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক শ্ৰী ধ্ৰুৱজ্যোতি নাথ ডাঙৰীয়াই লক্ষীমপুৰ জিলালৈ বদলি হোৱাত প্ৰা...
22/02/2026

যোৱা ৯ ফেব্ৰুৱাৰীত মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক শ্ৰী ধ্ৰুৱজ্যোতি নাথ ডাঙৰীয়াই লক্ষীমপুৰ জিলালৈ বদলি হোৱাত প্ৰাকক্ষণত তেখেতক এছ চি চি অসম ৰাজ্যিকৰ তৰফৰ পৰা বিদায়ী সম্বৰ্ধনা জ্ঞাপন কৰোঁ। অনুষ্ঠানত এছ চি চি অসমৰ ৰাজ্যিক সভাপতি (ড°) ছাব্বিৰ হুছেইন ডাঙৰীয়াৰ সৈতে ৰাজ্যিক উপ সভানেত্ৰী মিছিৰা বেগম ডাঙৰীয়ানি, ৰাজ্যিক সাংস্কৃতিক সম্পাদিকা মৃদুলা পাতৰ বাইদেউ উপস্থিত থাকে।

উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া সমূহ পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
10/02/2026

উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া সমূহ পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

10/02/2026
27/01/2026

আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।

27/01/2026

প্ৰশংসা বাৰ্তা:-
২৬ জানুৱাৰী গণৰাজ্য দিৱসৰ পেৰেড কাৰ্যসূচীত ষ্টুডেণ্ট কেডেট কৰ্পছ(এছ চি চি)ৰ দলসমূহে বিভিন্ন জিলাৰ গণৰাজ্য দিৱসৰ পেৰেড কাৰ্যসূচীত অংশগ্ৰহণ কৰি এছচিচিলৈ যি সন্মান আৰু স্বীকৃতি কঢ়িয়াই আনিলে তাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।

এই কাৰ্যসূচীসমূহত অংশগ্ৰহণ কৰা সকলো এছচিচি সদস্যৰ নিষ্ঠাৱান, অনুশাসিত আৰু নিস্বাৰ্থ সেৱাৰ আমি আন্তৰিকতাৰে শলাগ লৈছো। আপোনাৰ দায়বদ্ধতা, সততা আৰু মাতৃভূমিৰ প্ৰতি গভীৰ প্ৰেম আপোনাৰ কৰ্মৰ মাজেৰে স্পষ্টভাৱে প্ৰতিফলিত হৈছিল।

এছচিচি ৰ অন্তৰ্গত সকলো জিলা সমিতি, ৰাজ্যিক সমিতিৰ বিষয়ববীয়া, স্বেচ্ছাসেৱক, আৰু ব্যক্তিসকলকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে, যিসকলৰ আন্তৰিক প্ৰচেষ্টা, সমন্বয়, আৰু কঠোৰ পৰিশ্ৰমৰ ফলত এছচিচিৰ পেৰেড দলসমূহে ২৬ জানুৱাৰীত বিভিন্ন জিলাত অনুষ্ঠিত হোৱা গণৰাজ্য দিৱস উদযাপনত সফলতাৰে অংশগ্ৰহণ কৰাটো সম্ভৱ হৈ উঠিছিল। তাৰ বাবে পুনৰ বাৰ আমাৰ প্ৰতিগৰাকী বিষয় ববীয়াৰ শলাগ লৈছোঁ।

আপোনালোকৰ সামূহিক অৱদানে এছ চি চিৰ ভাবমূৰ্তি আৰু মনোভাৱক অধিক শক্তিশালী কৰিছে। আহক আমি আগন্তুক দিনতো একে ঐক্য, অনুশাসন, দেশপ্ৰেমৰে গণৰাজ্য ও স্বাধীনতা দিৱসৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি সফলতা কঢ়িয়াই আনো।

SCC ASSAM
SCC Assam Official

26/01/2026

কামৰূপ জিলাৰ পলাশবাৰী সম জিলা আয়ুক্ত কাৰ্য্যালয়ৰ দ্বাৰা আয়োজিত ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্য্যসূচী উপস্থিত থাকি পেৰেড অভিবাদন গ্ৰহণ কৰে পলাশবাৰী সমষ্টিৰ সন্মানীয় বিধায়ক তথা এছ চি চি অসমৰ পৃষ্ঠপোষক শ্ৰী হেমাংগ ঠাকুৰীয়া ডাঙৰীয়াই। এছ চি চি দলত বিভিন্ন পৰামৰ্শ আৰু দেশ মাতৃৰ সেৱাৰ্থে উচৰ্গিত হোৱাৰ কাৰণে বিভিন্ন সময়ত প্ৰেৰণা যোগাৱাৰ কাৰনে তেখেতলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
Hemanga Thakuria
SCC Assam Official
State President of SCC, Assam
SCC ASSAM

আজি ৭৭ সংখ্যক গণৰাজ্য দিৱসত এছ চি চি দলে বিভিন্ন জিলাত প্ৰদৰ্শন কৰা কিছু কাৰ্য্যসূচী সাঁচি ৰাখিলোঁ।
26/01/2026

আজি ৭৭ সংখ্যক গণৰাজ্য দিৱসত এছ চি চি দলে বিভিন্ন জিলাত প্ৰদৰ্শন কৰা কিছু কাৰ্য্যসূচী সাঁচি ৰাখিলোঁ।

আজি ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেড কাৰ্যসূচীত বঙাইগাঁও জিলাৰ মানিকপুৰ চক্ৰ বিষয়া কাৰ্য্যালয়ৰ দ্বাৰা আয়োজিত অনুষ্ঠানত এছ...
26/01/2026

আজি ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেড কাৰ্যসূচীত বঙাইগাঁও জিলাৰ মানিকপুৰ চক্ৰ বিষয়া কাৰ্য্যালয়ৰ দ্বাৰা আয়োজিত অনুষ্ঠানত এছ চি চি ৰ পেৰেড দলে অংশগ্ৰহণ কৰি সুন্দৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়। শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

Address

Guuhati Assam
Guwahati
781125

Alerts

Be the first to know and let us send you an email when SCC Assam Official posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to SCC Assam Official:

Share

Category