Nabakala parichay foundation

Nabakala parichay foundation we work for sattriya cultural and social welfare.

05/09/2026

নৱকলা পৰিচয় কেন্দ্ৰৰ ছাত্ৰ-ছাত্ৰী সকলে খুব সুন্দৰ ভাৱে আয়োজন কৰা শিক্ষক দিৱসটি। ছাত্ৰ-ছাত্ৰী সকলৰ এনে আয়োজনে সঁচাকৈয়ে মন অভিভূত আৰু প্ৰফুল্লিত কৰি তুলিলে। ছাত্ৰ-ছাত্ৰী সকললৈ আন্তৰিক মৰম আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।।

নৱকলা পৰিচয় ফাউণ্ডেচনৰ উদ্যোগত জুলাই মাহত ভাওনা কৰ্মশালা অনুষ্ঠিত কৰা হৈছিল । ভাওনা কৰ্মশালা চলি থকাৰ মাজতে অসমৰ বিভিন্...
01/09/2026

নৱকলা পৰিচয় ফাউণ্ডেচনৰ উদ্যোগত জুলাই মাহত ভাওনা কৰ্মশালা অনুষ্ঠিত কৰা হৈছিল । ভাওনা কৰ্মশালা চলি থকাৰ মাজতে অসমৰ বিভিন্ন প্ৰান্তত হোৱা বিধ্বংসী বানত শিৱসাগৰ , চৰাইদেউ যোৰহাট জিলা অত্যাধিক ক্ষতিগ্ৰস্ত হৈছিল ।
সেই বানে বহুত বেছি অসুবিধা সৃষ্টি নকৰিলেও নৱকলা পৰিচয় ফাউণ্ডেচনৰ উদ্যোগত চলি থকা কৰ্মশালাৰ সময়তে নৱকলা পৰিচয় কেন্দ্ৰতো পানী সোমোৱাৰ বাবে চলি থকা কৰ্মশালা ভাগ স্থগিত ৰাখিব লগা হ'ল। কৰ্মশালা চলাই নিব পৰা নগ'ল । যিহেতু আমি প্ৰতি দিনে কৰ্মশালা আয়োজনৰ আগত তিতাবৰ অঞ্চলৰ বিভিন্ন ক্ষেত্ৰত জড়িত থকা বিশিষ্ট ব্যক্তি সকলক নিমন্ত্ৰণ কৰি আমাৰ ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি শুভেচ্ছামূলক আৰু শুভাশীষ মন্তব্যৰে অনুষ্ঠানৰ আৰম্ভণি কৰা হৈছিল আৰু অনুষ্ঠানলৈ অহা প্ৰতিগৰাকী ব্যক্তিক একোটাকৈ গছপুলিৰে আদৰণি জনোৱা হৈছিল, আমাৰ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা। কিন্তু বানপানীৰ বাবে আমাৰ কৰ্মশালা অনুষ্ঠিত কৰিব নোৱাৰা হেতুকে আমাৰ ওচৰত কেইটিমান গছপুলি ৰৈ গৈছিল। উক্ত গছপুলি কেইটা ৰোপন কৰিবৰ বাবে আমাৰ ছাত্ৰ-ছাত্ৰী সকলে অভিভাৱক সকলৰ সহযোগত গছপুলি ৰোপনৰ বাবে বাঁহৰ ঘেৰ কেইটা অতি আগ্ৰহেৰে বনাই আনে ।
ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা নিজ হাতেৰে গছপুলি কেইটা ৰোপন কৰাৰ ইচ্ছা আছিল যদিও সময়ৰ অভাৱত সেয়া সম্ভৱ নহ'ল। সেয়েহে যোৱা কালি নৱকলা পৰিচয় ফাউণ্ডেচনৰ সঞ্চালিকা ৰিংকুমণি কলিতা ডাঙৰীয়ানীয়ে উক্ত গছপুলি কেইটা নিজ হাতেৰে ৰোপন কৰে। সঞ্চালিকা বাইদেউলৈ আন্তৰিক ধন্যবাদ জনোৱাৰ লগতে অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰী সকলকো আন্তৰিক ধন্যবাদ জনোৱা হ'ল। নৱকলা পৰিচয় ফাউণ্ডেচনৰ এই সামাজিক কৰ্মৰ যাত্ৰা অব্যাহত থাকক।
াকিলেহে_মানুহ_থাকিব

28/08/2026

নৱকলা পৰিচয় ফাউণ্ডেচনৰ কন কন ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা পৰিবেশিত ভাওনাৰ এটি ভিডিঅ'।।

26/08/2026

শুভাৰম্ভণি অনুষ্ঠান
The inaugural ceremony

সমাজ এখনক সাংস্কৃতিকভাৱে আগুৱাই নিয়াৰ লক্ষ্যৰে তিতাবৰত নতুনকৈ গঠন কৰা হৈছে " নৱকলা পৰিচয় ফাউণ্ডেচন" নামেৰে এটি স্বেচ্ছ...
25/08/2026

সমাজ এখনক সাংস্কৃতিকভাৱে আগুৱাই নিয়াৰ লক্ষ্যৰে তিতাবৰত নতুনকৈ গঠন কৰা হৈছে " নৱকলা পৰিচয় ফাউণ্ডেচন" নামেৰে এটি স্বেচ্ছাসেৱী সংগঠন।

২২/০৮/২০২৬ তাৰিখে নৱকলা পৰিচয় ফাউণ্ডেশ্যনৰ শুভাৰম্ভণি কাৰ্যসূচী ভাগি সুকলমে পাৰ হয়। উদ্ধোধনী অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে তিতাবৰৰ বিশিষ্ট শিক্ষাবিদ,কনচেপ্ত শৈক্ষিক প্ৰতিষ্ঠানৰ জ্যেষ্ঠ অধ্যক্ষ দিব্যকমল মজিন্দাৰ ছাৰ, তিতাবৰ প্ৰেছ ক্লাবৰ সভাপতি বিমান শইকীয়া ছাৰ, নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ক্ৰমে মৃণালী কাগ্ য়ুং আৰু বৰ্ণালী শইকীয়া বাইদেউ, বিশিষ্ট সংগীত শিল্পী দিজেন্দ্ৰ নাৰায়ণ ৰাও ডাঙৰীয়া, কনচেপ্ত শৈক্ষিক প্ৰতিষ্ঠানৰ বিজ্ঞান আৰু বাণিজ্য শাখাৰ তত্ত্বাৱধায়ক মাধূয্য বৰা ছাৰ, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী প্ৰতিমা ৰাজকুমাৰী বাইদেউ, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী অনুপমা বৰা চেতিয়া বাইদেউ, বিশিষ্ট সমাজকৰ্মী তথা সংগঠক দেৱজিৎ হাজৰিকা ডাঙৰীয়া, বিশিষ্ট সমাজকৰ্মী তথা ভাওনা শিল্পী ক্ৰমে ৰাজু শইকীয়া, শান্তনু খাটনিয়াৰ, প্ৰশান্ত শইকীয়া ডাঙৰীয়া, বিশিষ্ট শিক্ষক মুকুট কৃষ্ণ চিৰিং ফুকন ডাঙৰীয়া আৰু বিশিষ্টা সমাজসেৱিকা পাপৰি চেতিয়া কলিতা বাইদেউ। তেখেতসকললৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলো।।
নৱকলা পৰিচয় ফাউণ্ডেচন লক্ষ্য আৰু উদ্দেশ্য হৈছে সামাজিক আৰু সাংস্কৃতিকভাৱে কাম কৰি যোৱা।
অনাগত দিনত আমি নৱকলা পৰিচয় ফাউণ্ডেশ্যনে অসমীয়া কৃষ্টি আৰু সংস্কৃতি ৰক্ষাৰ বাবে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰোঁ । ইয়াৰ বাবে আপোনালোকৰ আশীৰ্বাদ, সহায়-সহযোগিতা আৰু দিহা -পৰামৰ্শ কামনা কৰিলোঁ।

Address

Deoghoriya Grant Gaon
Titabar
785630

Website

Alerts

Be the first to know and let us send you an email when Nabakala parichay foundation posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category