04/05/2026
তোমাৰ হৃদয়ৰ দৰে
এই পৃথিৱীত নাই মোৰ বাবে আন কোনো আশ্ৰয়,
সেউজীয়া পাতেৰে ঢকা কোনো বননিৰ দৰে
শান্ত, কোমল, নিৰাপদ।
সময়ৰ সোঁতত সলনি নহয় এই অনুভৱ,
মোৰ মনৰ গভীৰতাত ই একেই ৰৈ যায়।
তুমি যেন এক মিঠা পোহৰ
মোৰ অন্ধকাৰ দিনবোৰত
তোমাৰ সান্নিধ্যত হেৰুৱা মন
পাই পুনৰ নতুন জীৱন। 🫶