Yog Mandir

Yog Mandir যোগ মন্দিৰঃ যোগ দৰ্শনেৰে আধ্যাত্মিক উপলব্ধি আৰু সকলো প্ৰকাৰৰ মনোশাৰীৰিক সমস্যা সমাধানৰ যৌগিক অনুষ্ঠান

বজালী জিলা প্ৰশাসনে অনুষ্ঠিত কৰা যোগ দিৱসত যোগ মন্দিৰৰ প্ৰশিক্ষক আৰু শিক্ষাৰ্থী
21/06/2026

বজালী জিলা প্ৰশাসনে অনুষ্ঠিত কৰা যোগ দিৱসত যোগ মন্দিৰৰ প্ৰশিক্ষক আৰু শিক্ষাৰ্থী

Contact: 8724063968 / 9435117695 for yoga classes
02/06/2026

Contact: 8724063968 / 9435117695 for yoga classes

Contact: 8724063968 /9435117695 for yoga classes
22/03/2026

Contact: 8724063968 /9435117695 for yoga classes

21/03/2026
যোগঃ জন্ম-মৃত্যুৰ ইপাৰ-সিপাৰ জ্ঞানসূচনা পৰ্বঃ দেহ ধাৰণকাৰী মনুষ‍্যৰ মৃত্যু এক অৱধাৰিত সত‍্য। মৃত্যুৰ গ্ৰাসৰ পৰা জীৱৰ উদ্...
20/03/2026

যোগঃ জন্ম-মৃত্যুৰ ইপাৰ-সিপাৰ জ্ঞান
সূচনা পৰ্বঃ দেহ ধাৰণকাৰী মনুষ‍্যৰ মৃত্যু এক অৱধাৰিত সত‍্য। মৃত্যুৰ গ্ৰাসৰ পৰা জীৱৰ উদ্ধাৰৰ একো পথ নাই। স্বয়ং ভগৱান শ্ৰীকৃষ্ণৰো মৃত্যু হৈছিল। কাৰণ তেৱোঁও দেহ ধাৰণ কৰিছিল। শ্ৰীমদ্ভাগৱত গীতাত তেওঁ জীৱৰ যি দশা ব‍্যক্ত কৰিছিল সি চিৰ শ্বাশ্বত।গতিকে ভগৱান হ'লেও দেহ ধাৰণ কৰা জীৱদ্দশা সকলোৰে একে। এই নিত‍্যতাৰ ব‍্যতিক্ৰম সৃষ্টিৰ নিয়মৰ উলংঘণ,যি কাহানিও সম্ভৱ নহয়।জৰা নামৰ ব‍্যাধৰ শৰৰ আঘাতত শ্ৰীকৃষ্ণৰ মৃত্যু হৈছিল। তেওঁ জৰাই চিকাৰ ভাবি কৰা এই ভুলবশতঃ শৰাঘাত আনন্দ চিত্তে মানি লৈ মৃত্যুক আকোঁৱালি লৈছিল।
প্ৰশ্ন পৰ্বঃ মৃত‍্যু কিয় হয়, কাৰ মৃত্যু হয় আৰু কেতিয়া মৃত্যু হয়??? বিজ্ঞানে এই প্ৰশ্নৰ কিছু উত্তৰ দিবলৈ যত্ন কৰিছে আৰু আংশিকভাৱে এয়া শুদ্ধ ! এই প্ৰশ্নৰ শুদ্ধ উত্তৰ পাবলৈ আমি দৰ্শনৰ সহায় ল'ব লাগিব। ভাৰতীয় ষড় দৰ্শনে ইয়াৰ স্পষ্ট উত্তৰ দি থৈ গৈছে। কিন্তু এই উত্তৰ মানি ল'ব পৰাকৈ সাধাৰণ মানুহৰ সক্ষমতা নাই। যেনেকৈ উচেইন বল্টৰ সমান দ্ৰুতগতিত দৌৰিবলৈ আপোনাৰ-মোৰ সক্ষমতা নাই, ঠিক তেনেকুৱা কথা। এতিয়া কথাটো বুজিছে চাগে! অৰ্থাৎ বাস্তৱিক সাধনা অবিহনে কিছুমান প্ৰশ্নৰ উত্তৰ প্ৰকল্প হৈয়ে থাকে।
চাকনৈয়া পৰ্বঃ দৰ্শনে নিস্পত্তি কৰা সমাধান কোনোবাই মানি ল'বও পাৰে আৰু কোনোবাই নল'বও পাৰে। গতিকে আপোনাৰ-মোৰ বাবে জীৱনৰ গতি আমি সাধাৰণতে দেখি থকা, দৰাচলতে ক'বলৈ গ'লে ভূগি থকা ধৰণৰ হয়। কাৰণ, দাৰ্শনিক বিদ‍্যা প্ৰকৃত পক্ষে আহৰণ কৰিবলৈ যি প্ৰজ্ঞাৰ প্ৰয়োজন, যি উপলব্ধিৰ প্ৰয়োজন বা অন‍্যাৰ্থত সাধনাৰ প্ৰয়োজন সেয়া এটা শব্দত আমাৰ নিচিনা ভৱসাগৰত থকা মনুষ‍্যৰ বাবে সাধ‍্যাতীত। দাৰ্শনিক সত্য জীৱ বিজ্ঞানৰ আধাৰত বুজা অসম্ভৱ আৰু সেয়ে মানৱ জীৱনত মৃত্যু সদা ভীতিগ্ৰস্ততাৰ বিষয়ৰূপে পৰিগণিত হৈ আহিছে। মৃত্যু সম্পৰ্কে প্ৰাৰম্ভতে উত্থাপিত প্ৰশ্ন তিনিটাৰ আংশিক শুদ্ধ উত্তৰেৰেই আমি জীৱন কালাতিপাত কৰি আহিছোঁ আৰু মৃত্যু এক ভয়ৰূপী বিষয় হিচাপে আমি দৃষ্টিপাত কৰি আহিছোঁ! এই অৱশ‍্যম্ভাৱী মৃত্যুৰ স্বৰূপ বুজিব পাৰিলেই আমি ভয় মুক্ত হ'ব পাৰিম আৰু আমি সদা আনন্দিত জীৱন কটাব পাৰিম। মৃত্যুৰ কাৰণবোৰ এনেধৰণৰ- ৰোগ, বাৰ্ধক‍্যজনিত শাৰীৰিক ক্ষয়ীষ্ণুতা, দুৰ্ঘটনা আৰু আত্মহত্যা। দুৰ্ঘটনা প্ৰাকৃতিক* কিন্বা অপ্ৰাকৃতিক‌* । প্ৰাকৃতিক দূৰ্ঘটনা মানে হ'ল- বানপানী, বনজুই, বজ্ৰপাত ইত্যাদি। অপ্ৰাকৃতিক ক্ষেত্ৰত মটৰ দুৰ্ঘটনা, বিদ‍্যুৎস্পৃষ্ট হৈ মৃত্যুমুখত পৰা, ভুল চিকিৎসা, হত‍্যা ইত্যাদি। এইবিলাক কিয় হয়, কাৰ ক্ষেত্ৰত হয় আৰু কেতিয়া হয় তাৰ কোনো এশ শতাংশ শুদ্ধ বৈজ্ঞানিক ব‍্যাখ‍্যা আজি পৰ্যন্ত নাই। লগতে নাই কাৰ বা কিহৰ জন্ম হয়! যিহেতু বৈজ্ঞানিক উত্তৰ এই ক্ষেত্ৰত আধৰুৱা, সেয়ে জীৱন-মৃত্যুৰ ৰহস্য বিজ্ঞানৰ ব‍্যাখ‍্যাত অৰ্ধসত‍্য! পৃথিৱীৰ সবাতকৈ ভয়ঙ্কৰ কথা হৈছে অৰ্ধসত‍্য! .. এইবোৰ বাৰু আজিলৈ এৰিলো।
জ্ঞান পৰ্বঃ আজি আমাৰ প্ৰতিপাদ‍্য বিষয়েই হৈছে যোগৰ আলোকত জন্ম-মৃত্যু ৰহস্যৰ উন্মোচন। সাম্প্ৰতিক কালত যোগৰ বিষয়ে নুশুনা মানুহ খুব কমেই ওলাব। সমগ্র বিশ্বতে যিকোনো ধৰ্মাৱলম্বী সমাজত যোগে আজি এক অনন্য স্বীকৃতি লাভ কৰিছে। বহু গৱেষণা, চৰ্চাও চলিছে আৰু ব‍্যৱহাৰিক দিশত বহুলাংশে উপকৃতও হৈছে। বহুলাংশে কোৱাৰ অৰ্থ হৈছে শাৰীৰিক আৰু মানসিক স্বাস্থ্যজনিত দিশত সমগ্ৰ মানৱ কূলৰে জাতি ধৰ্ম নিৰ্বিশেষে প্ৰভূত উন্নতি সাধন হোৱাটো। কিন্তু, যোগৰ যি প্ৰকৃত উদ্দেশ্য সেয়া পূৰ্বতেও আৰু এতিয়াও বেছিৰো বেছি সংখ্যকৰ বাবে অনাদৃত আৰু অনাৱিস্কৃত হৈ পৰি ৰৈছে।
প্ৰাচীন বৈদিক ভাৰতীয় সমাজৰ এক মহামূল‍্যৱান অৱদান যোগশাস্ত্ৰ মূলত এক দৰ্শন। ষড়দৰ্শনৰ আন পাঁচোবিধ দৰ্শনতকৈ যোগ দৰ্শন অলপ পৃথক। কাৰণ যোগ হৈছে ক্ৰিয়াত্মক দৰ্শন। কেৱল অধ‍্যয়নেৰেই এই দৰ্শন আয়ত্তাধীন নহয়। কাৰ্যৰ জৰিয়তে যোগ দৰ্শনৰ সাধনা কৰা যায়। যম, নিয়ম, আসন, প্ৰাণায়ম, প্ৰত‍্যাহাৰ, ধাৰণা, ধ‍্যান আৰু সমাধি এই আঠো অংগৰ সমাহাৰ অষ্টাংগ যোগেই যোগ দৰ্শনৰ বিষয়‌। যিয়ে অষ্টাংগ যোগত ব‍্যুৎপত্তি দেখুৱাই সমাধিস্থ হ'ব পাৰে তেৱেঁই প্ৰকৃত যোগী। সমাধিস্থ হোৱাৰ অৰ্থ হৈছে জীৱন-মৃত্যুৰ পাৰাপাৰ হৈ সৃষ্টিৰ উৎসহৰ সৈতে বিলীন হৈ যোৱা। এই আঠোটা অংগৰ নিৰৱিচ্ছিন্ন সাধনাৰ যি ৰাজমাৰ্গেৰে জীৱই জনম-মৰণৰ সত‍্যত উপনীত হয় সেয়াই ৰাজযোগ। তথাকথিত ধ‍্যানৰ নামত বহি থাকিলে বা ভক্তিমূলক কথা বা গীত-মাতৰ চৰ্চাৰে ৰাজযোগ সম্পন্ন নহয়। ইয়াৰ মূল কাৰণ হ'ল মানৱ শৰীৰটো ৰোগ প্ৰৱণ আৰু অনৱৰতে চঞ্চল চিত্তৰে পৰিচালিত বিষয় ভোগৰ বাসনাত নিমজ্জিত সত্বা। যেনেদৰে দুৰ্বল বাহনেৰে দূৰাতিক্ৰমণ সম্ভৱ নহয় ঠিক তেনেকৈ ৰুগীয়া শৰীৰেৰেও দূৰূহ আত্মিক সাধনা সম্ভৱ নহয়। ৰাজযোগ আত্মোপলব্ধিৰ এক কঠিন সাধনা। লোভ-লালসাৰে পৰিপূৰ্ণ মনেৰে এই কঠিন আত্মিক যাত্ৰা ভঙা গাড়ীৰে পৰ্বত আৰোহণৰ নিচিনা কথা। আধাতে যাত্ৰা সমাপ্ত হ'ব। জীৱনৰ গূঢ়াৰ্থ জানিবলৈ বিচৰা সাধকে আৰম্ভণিতে যম আৰু নিয়মৰ নৈতিক প্ৰমূল‍্যৰ অভ‍্যসনৰে যোগ যাত্ৰাৰ পথিক হ'ব লাগে। তাৰ পাছতহে অষ্টাংগ যোগৰ চিৰ পৰিচিত জনপ্ৰিয় তৃতীয় অংগ আসনৰ জৰিয়তে শৰীৰটো সুস্বাস্থ্যৱান কৰি গঢ়ি তোলা হয়, যাতে মৃত্যু নামৰ চিৰ-শ্বাশ্বত সত‍্যৰ সতে মুখামুখি হ'ব পৰাকৈ শৰীৰটো সাধনামুখী শক্তিশালী ৰূপত গঢ় দিব পৰা যায়‌। পৰৱৰ্তী পৰ্যায়ত আহিব অষ্টাংগ যোগৰ প্ৰাণায়ম নামৰ আন এক শক্তিশালী অংগৰ অনুশীলন, যিয়ে চিত্তৰ চঞ্চলতা দূৰ কৰি সাধকৰ মনক স্থিৰ কৰি তুলি অসীম মানসিক শক্তিৰ গৰাকী কৰি তুলিব। সৃষ্টিৰ ৰহস্য অৰ্থাৎ জন্ম-মৃত্যুৰ গূঢ়াৰ্থ জানিবলৈ যি দিব‍্যদৃষ্টিৰ প্ৰয়োজন তাক ধাৰণ কৰিবলৈ প্ৰত‍্যাহাৰৰূপী পঞ্চ অংগত উপনীত হোৱাত প্ৰাণায়মে আমাক সহায় কৰে। এইদৰে ক্ৰমান্বয়ে গুৰুৰ দিক্ দৰ্শনেৰে সাধকে যেতিয়া ধাৰণাৰ জৰিয়তে ধ‍্যানমুখী হ'ব তেতিয়া তেওঁ জন্ম আৰু মৃত্যুৰ অৰ্থহীনতা উপলব্ধি কৰিবলৈ সক্ষম হ'ব। শৰীৰৰ ক্ষয়হীন অৱস্থা, লয়প্ৰাপ্ত নিমিত্ততা তেওঁৰ ওচৰত গুৰুত্বহীন হৈ পৰিব আৰু তেওঁ শৰীৰোৰ্ধহৈ ভুমিৰ পৰা ভূমা স্পৰ্শ কৰিব। অৰ্থাৎ যি সৃষ্টি প্ৰক্ৰিয়াৰ পৰা কোনো এক জীৱৰ উৎপত্তি হৈছিল তাৰ জ্ঞান তেওঁৰ সম্পূৰ্ণ হ'ব আৰু উৎসৰ ওচৰলৈ সেই জীৱৰ উভতনি যাত্ৰাৰ স্বৰূপ অৰ্থাৎ মৃত্যুজ্ঞান পূৰ্ণ হ'ব।
অন্তিম পৰ্বঃ শেষত পুনৰ কৈছোঁ, কেৱল মাত্ৰ এই আখৰৰূপী চমু লিখনিৰ জৰিয়তে এই দিব‍্যজ্ঞান লাভ সম্ভৱ নহয়, কাৰণ যোগ হৈছে ক্ৰিয়াত্মক দৰ্শন বিদ‍্যা। যোগ এক বিশাল জ্ঞান ভাণ্ডাৰ। যেনেকৈ কিতাপ পঢ়ি সাঁতোৰ শিকিব নোৱাৰি, আনৰ পৰা শুনি মিঠাইৰ সোৱাদ লাভ কৰিব নোৱাৰি ঠিক তেনেকৈ কিতাপ পঢ়ি, এসপ্তাহ বা এমহীয়া কৰ্মশালা কৰি, ইউটিউব চাই ঘৰতে বহি যোগ শিকিব নোৱাৰি। যোগামৃত পান কৰিবলৈ গুৰুৰ কাষ চাপিব লাগিব। এই মহাবিদ্যা অভিজ্ঞ গুৰুৰ ওচৰত নিজক সমৰ্পণ আৰু দীক্ষা গ্ৰহণেৰে দীৰ্ঘদিন অনুশীলনেৰে আহৰণ কৰিব পাৰি।
বিঃদ্ৰঃ ছুটি ব‍্যাখ‍্যাৰে যোগৰ বিশাল জ্ঞানক ব‍্যক্ত কৰা সম্ভৱ নহয়। ইয়াত *প্ৰাকৃতিক আৰু *অপ্ৰাকৃতিক শব্দ সাধাৰণ অৰ্থত ব‍্যৱহাৰ কৰা হৈছে।

 #শৈশৱৰ_উদ্বিগ্নতা_ব্যক্তিত্ব_গঠন_আৰু_যোগশিশুসকলৰ উদ্বিগ্নতা প্ৰাপ্তবয়স্কতকৈ বেছি, বিশেষকৈ পিতৃ-মাতৃৰ পৰা আতৰত থকা বা নো...
20/03/2026

#শৈশৱৰ_উদ্বিগ্নতা_ব্যক্তিত্ব_গঠন_আৰু_যোগ
শিশুসকলৰ উদ্বিগ্নতা প্ৰাপ্তবয়স্কতকৈ বেছি, বিশেষকৈ পিতৃ-মাতৃৰ পৰা আতৰত থকা বা নোহোৱাসকলৰ আৰু বেছি। কাৰণ শিশুসকলে ভূগি থকা বা সহজ নোহোৱা কথাবিলাক বা নিজৰ প্ৰয়োজনক সামাজিকভাৱে তুলি ধৰিবলৈ অসুবিধা বোধ কৰে আৰু তাক যুক্তিৰে বিশ্লেষণ কৰিব নোৱাৰে। তাৰফলত বিভিন্ন উদ্ভত কাণ্ড (বা আমাৰ ভাষাত উৎপাত, উদ্ভাণ্ডালি!) কৰাৰ উপৰিও কোনোবাই নিৰৱতাৰ অন্ধকাৰত নিজকে প্ৰক্ষেপ কৰে। মুঠতে সহস্ৰ বুজি নোপোৱা জটিল অভিব্যক্তি। আমি জোৰকৈ অনুশাসনেৰে বান্ধি সেই জটিল অভিব্যক্তিবোৰ আপাত দৃষ্টিত নিয়ন্ত্ৰণ কৰোঁ। কিন্তু তাৰ ফলাফল সূদুৰপ্ৰসাৰী হয় আৰু পৰৱৰ্তী কালত সেই অনুৰূপে শিশুৰ ব‍্যক্তিত্ব গঠন হয়। যদিহে আমাৰ অনুশাসন ভুল তেতিয়া শিশুৰ ব‍্যক্তিত্বত ঋণাত্মক প্ৰভাৱ পৰে আৰু আমি ভৱিষ্যতে এগৰাকী মানৱ সম্পদ হেৰুৱাও! আৰু তাতোকৈ ডাঙৰ কথা কেতিয়াবা সেই শিশুৱে গৈ দুঃস্পদ বা দুৰ্মদ নাগৰিক হিচাপে আত্মপ্ৰকাশ কৰে। সমাজৰ দ্ৰুত অৱক্ষয় আৰু বৰ্ধিত উশৃংখল যুৱ মানসিকতাই স্পষ্টকৈ আমাক এয়াই সূচাইছে আৰু দঢ়াই দঢ়াই সোঁৱৰাই আছে। আমিবোৰে সমাজিকভাৱে তাৰ কুফল বিভিন্ন ধৰণে ভূগি আছে আৰু একো উৱাদিহ পোৱা নাই..! নোপোৱা বুলি কোৱাৰ কাৰণটো হ'ল পালে তাৰ প্ৰশমন হ'লহেঁতেন! শত-সহস্ৰ কুফল আছে, কিছুমান সহ‍্য কৰিব পৰা বিধৰ কিছুমান নোৱাৰা বিধৰ। দুটামান স্পষ্টকৈ লিখিছো- হতাশাগ্ৰস্ততা, নিচাগ্ৰস্ততা আৰু শেষত সেই সকলো শেষ হৈ যোৱা আত্মহত্যা...!
যৌগিক অনুশাসন বা অভ‍্যসনৰ জৰিয়তে শিশুসকলৰ মনত জমা হোৱা, বুজাব নোৱাৰা উদ্বিগ্নতা তথা ক্ষোভ আৰু আই-পিতাইৰ পৰা দূৰত অৱস্থানৰ যিটো নিৰাপত্তাহীনতাৰ আশংকা অনবৰতে লাগি থাকে তাক কায়িকৰূপে (আসন) তথা যোগনিদ্ৰাৰ নিয়ন্ত্ৰিত মাত্ৰাৰ শ্বাস-প্ৰশ্বাসৰ (ইয়াত প্ৰাণায়মৰ কথা কোৱা হোৱা নাই) জৰিয়তে মানসিক বিৰাম দিব পাৰি। এদিনীয়া যোগৰ অভ‍্যাস বা গ্ৰন্থ পঠনেৰে এয়া সম্ভৱ নহয়। ব‍্যৱহাৰিক আৰু তাত্বিক জ্ঞান থকা অভিজ্ঞ গুৰুৰ ওচৰত কৰা দীৰ্ঘদিনীয়া (সপ্তাহত দূই/ তিনিটা দিনৰেৰেই এই অভ‍্যাস নিয়মীয়া/দীৰ্ঘদিনীয়া হ'ব পাৰে) অভ‍্যাসেৰে এয়া প্ৰাপ্তি সম্ভৱ। Nin Roy

Address

Bhattadev Nagar
Pathsala
781325

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm
Sunday 9am - 5pm

Website

Alerts

Be the first to know and let us send you an email when Yog Mandir posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share