28/07/2026
বানপীড়িত ৰাইজৰ কাষত আমাৰ এক সৰু প্ৰয়াস 🙏🏻
বৰ্তমান উজনি অসমৰ বান পৰিস্থিতিয়ে বহু পৰিয়ালক কঠিন সময়ৰ সন্মুখীন কৰিছে। এনে সময়ত সমাজৰ অসংখ্য সদাশয় লোকে বানপীড়িত লোকসকলৰ কাষত থিয় দিছে—কোনোবাই সাহায্য সামগ্ৰী আগবঢ়াইছে, কোনোবাই আৰ্থিক সহায় কৰিছে, আনহাতে সকলোৱে তেওঁলোকৰ সুস্থতা আৰু মংগল কামনা কৰি প্ৰাৰ্থনা কৰি আছে।
এই মানৱীয় প্ৰচেষ্টাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে বজালী Karate-Do Academy-ৰ খেলুৱৈ জ্ঞানদীপ দাস আৰু অৰ্চনপ্ৰীত চৌধুৰীয়ে ২য় Rhino Cup Open Karate Championship 2026-ত লাভ কৰা "*Best of the Best"* নগদ পুৰস্কাৰৰ এটা অংশ অসমৰ বানপীড়িত লোকসকলৰ সহায়ৰ বাবে আগবঢ়াইছে।
আমাৰ আন্তৰিক আশা—ই কোনোবা এজনৰ মুখত অলপ হাঁহি বুলাব আৰু সকলোকে সমাজৰ প্ৰতি নিজৰ দায়িত্ব পালন কৰিবলৈ অনুপ্ৰাণিত কৰিব।
আহক, আমি সকলোৱে নিজৰ সামৰ্থ্য অনুসৰি সহায়ৰ হাত আগবঢ়াওঁ আৰু প্ৰাৰ্থনা কৰোঁ যাতে অতি সোনকালে অসমৰ পৰিস্থিতি পুনৰ স্বাভাৱিক হৈ উঠে।