29/06/2026
যোৱা কালি অৰ্থাৎ ২৮ জুন ২০২৬ তাৰিখে উত্তৰ লক্ষীমপুৰ জিলাৰ বধাকৰাত অনুষ্ঠিত হ'ব লগা SFN – Subansiri Fight Night (MMA & K-1 Event) অনিবাৰ্য কাৰণবশতঃ আধাতে বন্ধ হৈ যোৱাটো আমাৰ বাবে অত্যন্ত দুখজনক আৰু হতাশাজনক ঘটনা।
এই ঘটনাই কেৱল খেলখনৰ আয়োজক বা খেলুৱৈসকলকেই নহয়, সমগ্ৰ জিলাখনৰ লগতে ৰাজ্য খনৰ ক্ৰীড়া জগতৰ সুনামক আঘাত কৰিছে। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বাহিৰৰ ঠাইৰ পৰাও অহা খেলুৱৈ, প্ৰশিক্ষক, বিষয়ববীয়া আৰু সমৰ্থকসকলে সময়, ধন আৰু পৰিশ্ৰম ব্যয় কৰি অংশগ্ৰহণ কৰিবলৈ আহিছিল। কিন্তু খেলখন হঠাতে বন্ধ হৈ যোৱাত তেওঁলোকৰ যথেষ্ট মানসিক, আৰ্থিক আৰু পেছাদাৰী ক্ষতি হৈছে।
বছৰৰ পিছত বছৰ ধৰি আমি মাৰ্শ্বেল আৰ্টছৰ ক্ষেত্ৰখনত কঠোৰ পৰিশ্ৰমেৰে যি ভেটি গঢ়ি তুলিবলৈ চেষ্টা কৰি আহিছোঁ, এনে দায়িত্বহীন কাৰ্যই সেই বিশ্বাস আৰু সুনামত আঘাত হানে। লখিমপুৰ জিলাৰ ক্ৰীড়া জগতৰ মৰ্যাদা ক্ষুণ্ণ কৰা কোনো ধৰণৰ কাৰ্য আমি কেতিয়াও সমৰ্থন কৰিব নোৱাৰোঁ।
সেয়ে এই সমগ্ৰ ঘটনাৰ নিৰপেক্ষ, স্বচ্ছ আৰু সঠিক তদন্ত হোৱাটো আমি দৃঢ়ভাৱে দাবী জনাইছোঁ। যদি কোনো ব্যক্তি বা গোটৰ গাফিলতি, দায়িত্বহীনতা বা অসদাচৰণ প্ৰমাণিত হয়, তেন্তে তেওঁলোকৰ বিৰুদ্ধে আইনসন্মত আৰু দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে, যাতে ভৱিষ্যতে এনে অপ্ৰীতিকৰ ঘটনা পুনৰ নঘটে।
এই ঘটনাৰ পৰা সকলোৱে শিক্ষা গ্ৰহণ কৰি আগন্তুক দিনত অধিক দায়িত্বশীলভাৱে ক্ৰীড়া অনুষ্ঠান আয়োজন কৰিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। আমি সদায় শৃংখলা, সততা, পাৰস্পৰিক সন্মান আৰু খেলুৱৈসুলভ মনোভাৱৰ সৈতে মাৰ্শ্বেল আৰ্টছৰ বিকাশৰ বাবে কাম কৰি যাম।
ন্যায়, জবাবদিহিতা আৰু অসমৰ মাৰ্শ্বেল আৰ্টছৰ সুস্থ ভৱিষ্যতৰ স্বাৰ্থত এই বাত্ৰা প্ৰকাশ কৰা হ'ল।
Regarding the Cancellation of SFN – Subansiri Fight Night (MMA & K-1 Event)
It is with deep regret and disappointment that we address the unfortunate cancellation of the SFN – Subansiri Fight Night (MMA & K-1 Event), which was scheduled to be held on 28th June 2026 at Badhakara North Lakhimpur Lakhimpur Assam.
This incident has caused immense disappointment to the martial arts community and has adversely affected the reputation of sports in our district. Participants, coaches, officials, and supporters who travelled from different places invested their time, effort, and resources with the expectation of a successful sporting event. The sudden disruption has caused significant inconvenience and financial loss to many.
Such irresponsible actions undermine the hard work and dedication of athletes and organizers who have spent years building the foundation of martial arts in our region. We cannot accept any act that damages the dignity and reputation of Lakhimpur's sporting community.
We strongly urge the concerned authorities to conduct a fair and transparent investigation into the incident. If any individual or group is found responsible for negligence or misconduct, appropriate legal and disciplinary action should be taken so that such incidents do not occur in the future.
Let this unfortunate event become a lesson for everyone involved. We remain committed to promoting martial arts with discipline, respect, and sportsmanship, and we will continue working for the development of athletes and the growth of sports in Assam.
Issued in the interest of fair play, accountability, and the future of martial arts.
Assam kickboxing Federation.Aakf #
Assam Mixed Martial Arts Association. Aammaa #
District Kickboxing Association. ldka #
District Mixed Martial Arts Association.Ldmmaa #
.L.Martial Arts Gym #
#
#
#