29/04/2025
Sankardev Youth Kabaddi club ৰ উদ্যোগত নলবাৰী জিলা কাবাডী সন্থাৰ সহযোগত কৈঠালকুছি হাইস্কুল খেলপথাৰত অনুষ্ঠিত হোৱা নলবাৰী কাবাডী লীগ ৰ লৰা আৰু ছোৱালী বিভাগৰ চেম্পিয়ন আৰু ৰানাৰ আপ দলৰ ফটো ।
উক্ত প্ৰতিযোগিতা খনত ছোৱালী বিভাগৰ চেম্পিয়ন দলৰ খিতাপ লাভ কৰে বৰক্ষেত্ৰী কাবাডী ক্লাৱ, আদাবাৰী আৰু ৰানাৰ আপ দলৰ খিতাপ লাভ কৰে বৰভাগ কাবাডী ক্লাৱ এ ।
লৰাৰ বিভাগত চেম্পিয়নৰ খিতাপ লাভ কৰে উদীয়মান ক্লাৱ , বেলশৰ এ ইয়াৰ বিপৰীতে ৰানাৰ আপ দলৰ খিতাপ লাভ কৰে বৰক্ষেত্ৰী কাবাডী ক্লাৱ আদাবাৰী এ । প্ৰতিযোগিতাখনৰ ছোৱালী বিভাগত শ্রেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে বৰক্ষেত্ৰী কাবাডী ক্লাৱৰ ছুইটি বেগম এ আৰু লৰাৰ বিভাগত শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে উদীয়মান ক্লাৱৰ ৰুকিবুল হুছেইন । All Assam Kabaddi Association সা : সম্পাদক Alok Tripathi ডাঙৰীয়াক আমি আমাৰ মাজত উপস্থিত হৈ আমাক উৎসাহ উদ্দীপনা যোগোৱাৰ বাবে তথা অসম কাবাডী সন্থাৰ সমূহ বিষয়ববীয়াক আমাৰ ক্লাৱৰ পৰা অশেষ ধন্যবাদ লগতে আমাৰ নলবাৰী
কাবাডী সন্থাৰ সমূহ বিষয়ববীয়াক আমাৰ ফালৰ পৰা অশেষ ধন্যবাদ ।