21/06/2026
সুস্থ শৰীৰ, সুস্থ মন ! আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। যোগ কেৱল শৰীৰ মোচৰা আসন নহয় ,ই হৈছে নিজক জনা আৰু নিজৰ আত্মাৰ সৈতে সংযোগ স্থাপন কৰাৰ এক মাধ্যম। আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি আছিহাৰা কাৰাটে স্কুল অৱ অসমৰ প্ৰতিখন জিলাৰ ক্লাৱসমূহে আজি ২১ জুন তাৰিখে যোগ দিৱস সফলভাৱে উদযাপন কৰে। প্ৰতিখন জিলাৰ ক্লাবে এই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আয়োজন কৰাৰ কাৰণে আছিহাৰা কাৰাটে স্কুল অৱ অসমৰ ফালৰ পৰা আছিহাৰা কাৰাটে পৰিয়ালৰ সকলো ক্লাবক ধন্যবাদ জ্ঞাপন কৰিলোঁ।