22/08/2023
২০১৮ চনত মই শিক্ষয়িত্ৰী হিচাপে যোগদান কৰোতে প্ৰথমে চিনাকী হৈছিলো জয়াভৱন স্কুলৰ অধ্যক্ষা বাইদেউৰ লগত। তেতিয়াৰেপৰা আজিলৈকে স্কুলৰ শিক্ষকতা এৰিলো যদিও বাইদেউ লগত কেতিয়াও সংযোগ বিছিন্ন হোৱা নাই আৰু ভৱিষ্যতেও সংযোগ থাকিব। মোৰ দৃষ্টিত সকলোকে সমানে আগুৱাই লৈ যাব খোজা, সকলোকে মৰমত ব্যৱহাৰ কৰা, ইমান শান্ত প্ৰকৃতিৰ এনেকুৱা এগৰাকী অধ্যক্ষাতকৈও অধিক আপোন বাইদেউ হয়তু বেলেগ এগৰাকী নাপাম।
এদিন কৈছিলো বাইদেউ জয়াভৱনত টাইকোৱাণ্ডো শিকাও নেকি কণ-কণ ল'ৰা-ছোৱালীক লৈ। একে উশাহতে বাইদেউৱে সন্মতি দিছিল আৰু তেওঁৰ প্ৰেৰণাতে মই ৭মাহ কেৱল এটা ছাত্ৰক লৈয়ে শিকাবলৈ আৰম্ভ কৰিছিলো মোৰ এই 'বৰভেটা টাইকোৱাণ্ডো ক্লাৱ'। বহুত খেলুৱৈ গোট খোৱাহি নাই যদিও আজি প্ৰায় আঢ়ৈ বছৰ ইয়াত প্ৰশিক্ষণ দি আছো কেৱল বাইদেউৱে অনুমতি দিয়া কাৰণে। আজিও বাইদেউৱে কৈছে -"গীতাশ্ৰী, আৰু গোট খাব ল'ৰা-ছোৱালী তুমি শিকাই থাকা। " সঁচাকৈ ইমান সাহস দিয়া মানুহগৰাকীক একো দিব নোৱাৰিলো যদিও বহুত মৰম যাঁচিছো আপোনালৈ। ভগৱানে যাতে কুশলে ৰাখে আপোনাক। বাংগালোৰৰপৰা আহকগৈ, পুনৰ এইখন জয়াভৱনতে আকৌ লগ হ'ম এনেকৈ চাহ একাপৰ সৈতে ❤️❤️❤️❤️।
Lots of love for you mam. 🥰
(সকলো অভিভাৱকলৈও ধন্যবাদ, আপোনালোকৰ সহযোগিতাৰ বাবে।)