23/08/2026
কৃতজ্ঞতা জ্ঞাপন মাননীয় জ্যেষ্ঠ কেবিনেট মন্ত্ৰী শ্ৰী কেশৱ মহন্ত দেৱলৈ...
আজি নগাঁও জিলাত অসম চৰকাৰৰ ৰাজহ, দুৰ্যোগ ব্যৱস্থাপনা আদি বিভাগৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী শ্ৰী কেশৱ মহন্ত ডাঙৰীয়াক ষ্টুডেণ্ট কেডেট কৰ্পছ (এছ চি চি) অসমৰ ৰাজ্যিক সভাপতিৰ নেতৃত্বত এটি প্ৰতিনিধি দলে সাক্ষাৎ কৰি আন্তৰিক সম্বৰ্ধনা জ্ঞাপন কৰে।
এই সাক্ষাৎকালত এছ চি চি অসমৰ ২০২৬ বৰ্ষৰ ৰাজ্যিক পৰ্যায়ৰ পুৰস্কাৰ প্ৰশিক্ষণ শিবিৰ আৰু ৰাজ্যিক ভিত্তিত বঁটা প্ৰদান অনুষ্ঠান সফলভাৱে সম্পন্ন হোৱা সন্দৰ্ভত মাননীয় মন্ত্ৰী মহোদয়ক অৱগত কৰা হয়। লগতে এছ চি চি অসমৰ বিভিন্ন শৈক্ষিক, সামাজিক, যুৱ উন্নয়ন আৰু জনকল্যাণমূলক কাৰ্যসূচীৰ ক্ষেত্ৰত সময়ে সময়ে আগবঢ়াই অহা আপোনাৰ মূল্যৱান সুপৰামৰ্শ, দিক-নিৰ্দেশনা আৰু উৎসাহৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰা হয়।
এছ চি চি অসমৰ প্ৰতিনিধি দলটোৱে আপোনাক সম্বৰ্ধনা জনাই আপোনাৰ প্ৰতি গভীৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা প্ৰকাশ কৰে। আপোনাৰ দৰে অভিজ্ঞ আৰু দায়িত্বশীল জনপ্ৰতিনিধিৰ উৎসাহ আৰু সুপৰামৰ্শই আমাৰ দৰে স্বেচ্ছাসেৱী সংগঠনক অধিক উৎসাহেৰে আগবাঢ়ি যাবলৈ শক্তি প্ৰদান কৰে।
সাক্ষাৎকালত আপুনি এছ চি চি অসমৰ কৰ্মকৰ্তাসকলক আগন্তুক দিনতো অধিক নিষ্ঠা, সততা, শৃংখলা আৰু দায়িত্ববোধেৰে দেশমাতৃৰ সেৱাত আত্মনিয়োগ কৰিবলৈ উৎসাহিত কৰে। বিশেষকৈ অসমৰ শিক্ষাৰ্থী আৰু যুৱ সমাজৰ কল্যাণ, ব্যক্তিত্ব বিকাশ, শৈক্ষিক উন্নয়ন আৰু সামাজিক দায়বদ্ধতা বৃদ্ধিৰ বাবে অধিক সক্ৰিয়ভাৱে কাম কৰি যাবলৈ আপুনি মূল্যৱান পৰামৰ্শ আগবঢ়ায়।
আপোনাৰ এই আন্তৰিক উৎসাহ, আশীৰ্বাদ আৰু দিক-নিৰ্দেশনাক এছ চি চি অসমে অমূল্য প্ৰেৰণা হিচাপে গ্ৰহণ কৰিছে। আগন্তুক দিনত অসমৰ শিক্ষাৰ্থী, যুৱ সমাজ আৰু সমাজৰ সৰ্বাংগীন কল্যাণৰ বাবে আমাৰ সেৱামূলক যাত্ৰা অধিক শক্তিশালীভাৱে অব্যাহত ৰাখিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ।
আপোনাৰ সুস্বাস্থ্য, দীৰ্ঘায়ু আৰু জনসেৱামূলক কৰ্মজীৱনৰ অধিক সফলতা কামনা কৰিলোঁ।
শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰে,
ৰাজ্যিক সভাপতি
ষ্টুডেণ্ট কেডেট কৰ্পছ (এছ চি চি) অসম
fans
Keshab Mahanta কেশৱ মহন্ত
Nagaon District Administration
Devasish Sharma
Charan Boro
State President of SCC Assam
Sanjay Sarma,State Gen Secretary,SCC,Assam.
SCC Assam Official
SCC ASSAM