18/03/2020
যিমান পাৰে শ্বেয়াৰ কৰক 🙏
হঠৎ সকলো বন্ধ কৰাৰ আঁৰত কি কাৰণ আছে সেইকথা বন্ধ দিয়াৰ ঘোষণাতে স্পষ্টকৈ ক'ব লাগিছিল । তেতিয়া ইমান প্ৰতিক্ৰিয়া সৃষ্টি নহ'লহেঁতেন । কিন্তু ঘোষণাটো চৰকাৰেহে দিয়া যেন দেখুৱাই কৃতিত্ব ল'বলৈ যোৱাৰ বাবেই সকলো পয়মাল হ'ল ।
ICMR অৰ্থাৎ INDIAN COUNCIL OF MEDICAL RESEARCH ৰ জৰুৰীকালীন পৰামৰ্শ আৰু হেঁচাত চৰকাৰে বন্ধ দিবলৈ বাধ্য হ'ল । stage 2 ত থকা সমগ্ৰ ভাৰতবৰ্ষ যাতে stage 3 লৈ নাযায় । আৰু এই stage 3 লৈ ইতিমধ্যে গৈছে নেকি বা যাব পাৰে নেকি বা আমি যোৱাত বাধা দিব পাৰিছো নে এই প্ৰশ্নৰ উত্তৰ পাবলৈ ICMR ক অন্তত: পোন্ধৰ দিন মান সময় লাগে । ইতিমধ্যে সংগ্ৰহ কৰা তেজৰ নমুনা তেওঁলোকে পৰীক্ষা কৰি আছে ।
stage 3
Community Transmission
ভাইৰাছবোৰে সঘনাই চৰিত্ৰ সলনি কৰে । প্ৰত্যেকটো transmission ত বা সংক্ৰমণত সিহঁতে নতুন নতুন চৰিত্ৰৰ অধিকাৰী হয় । যাৰ বাবে যিকোনো ভাইৰাছৰ এন্টিবায়টিক বা ভেকচিন সহজে আৱিষ্কাৰ কৰিব নোৱাৰি । সময় লাগে । বৰ্তমানলৈকে কৰ'ণাৰ চৰিত্ৰ ভাৰতবৰ্ষত stage 2 ত আছে । অৰ্থাৎ বিদেশৰপৰা এই ভাইৰাছ কঢ়িয়াই অনা হৈছে শৰীৰত । ইয়াত আহি ভাৰতীয় মানুহৰ শৰীৰত ইহঁতে হয়তো চৰিত্ৰ সলনি কৰিবও পাৰে । কোনো সংস্পৰ্শলৈ নহাকৈও ইহঁত সংক্ৰমিত হ'ব পাৰে । সকলো ফালৰপৰা সুৰক্ষিত হৈ বিদেশলৈ নোযোৱাকৈ বা কৰ'ণা ৰোগীৰ সংস্পৰ্শলৈ নহাকৈ যেতিয়া আমি সংক্ৰমণৰ বলি হ'ম সেয়াই হ'ব stage 3 । এই ষ্টেজত একেলগে হাজাৰজন মানুহ নিতৌ সংক্ৰমিত হ'ব । এই ষ্টেজলৈ নাযাবৰ বাবে এই বন্ধৰ প্ৰয়োজন ।
কাৰণ আমাৰ মেডিকেলৰ সা সুবিধাৰ অভাৱ, যাতায়ত ব্যৱস্থাৰ দুৰ্বলতা, বেছি জনসংখ্যা, দুৰ্গম অঞ্চল আদিৰ বাবে stage 3 ৰ পৰা বচোৱাটো অসম্ভৱ হৈ পৰিব । সেয়ে সেই অৱস্থালৈ যোৱাৰ আগতে যিকোনো মূল্যৰ বিনিময়ত জনসমাগম ৰোধ কৰাটোৱে হ'ব প্ৰথম কাম ।
এই পোন্ধৰ দিনৰ বন্ধ ফুৰিবলৈ নহয় , প্ৰত্যেকে নিজকে মানুহৰ ভিৰৰপৰা আঁতৰাই নিজক বচাবলৈহে দিছে । হাত ধোৱা, মুখত মাস্ক পিন্ধা , হাতমোজা পিন্ধাৰ উপৰিও বিনা জৰুৰী কামত বাহিৰলৈ নোযোৱাকৈ থাকি নিজৰ লগতে পৰিয়ালক সুৰক্ষিত ৰখাৰ ব্ৰত এয়া । ইটালীয়ে এই কামটোকে নকৰাৰ বাবে বন্ধ পায়ো সংক্ৰমণ ৰখাব নোৱাৰিলে ।আমি ইটালীৰ ভুলৰপৰা শিক্ষা লোৱাৰ সুযোগ পাইছোঁ । এই সুযোগ হেৰুৱালে ইটালীতকৈও ভয়ানক পৰিস্থিতিৰ মুখামুখি হ'ম আমি ।
এজন ৰেডিঅ জ'কিৰ এটা ভিডিঅত বৰ সহজভাৱে কথাখিনি নৱ প্ৰজন্মলৈ আগবঢ়াইছে । কিন্তু সকলোৰে বাবে জানিবলগীয়া । সেয়ে পুনৰ দোহাৰিলো ।
ICMR ৰ ৰিজাল্ট নহালৈকে আমি নাজানো আমি stage 2 তে আছো নে নাই । গতিকে সাৱধান হ'বই লাগিব । ইটালীত ঘৰৰপৰা ওলালেই পুলিচে ধৰি জেইলত Isolate কৰে । কথা নুবুজা আৰু বুজিও নমনাৰ পৰিণাম এয়া । এনে অৱস্থা যাতে আমাৰো নহয় সেয়ে আমি নিজেই সচেতন হ'বই লাগিব ।
ভাবক , যদি কেনেবাকৈ stage 3 লৈ ইতিমধ্যে গুচি গৈছো তেন্তে ইটালীৰ দৰেই অনিৰ্দিষ্ট কাললৈ আমি নিজক ঘৰৰ ভিতৰত আৱদ্ধ কৰিব লাগিব আৰু যিকোনো মুহূৰ্ত্তত মৃত্যদূত কৰ'ণাৰ বলি হোৱাৰ আশংকাত তিলতিলকৈ জীৱন কটাব লাগিব । তাৰ পাছতো কিন্তু আমি সুৰক্ষিত নহ'ম । গতিকে সাৱধান সাৱধান আৰু মাথোঁ সাৱধান হওক ।
Safety first