Namrup Town Club

Namrup Town Club

22/05/2026

🏆🎉 Joyful celebration after becoming Champions of the DDSA U-13 Football Tournament–2026!

⚽💙 A proud moment of hard work, teamwork, dedication, and victory for our young stars.

👏 Congratulations to all players, coaches, officials, and supporters for this memorable achievement!

NAMRUP TOWN CLUB FOOTBALL ACADEMY                 🏆⚽ -CHAMPIONS -⚽🏆অত্যন্ত গৌৰৱ আৰু আনন্দৰ সৈতে জনাইছোঁ যে ডিব্ৰুগড় জিলা...
20/05/2026

NAMRUP TOWN CLUB FOOTBALL ACADEMY

🏆⚽ -CHAMPIONS -⚽🏆

অত্যন্ত গৌৰৱ আৰু আনন্দৰ সৈতে জনাইছোঁ যে ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত ইংৰাজী ১৭ মে’ৰ পৰা ১৯ মে’, ২০২৬ লৈ ডিব্ৰুগড়ৰ ঐতিহ্যমণ্ডিত চৌকিডিঙি খেলপথাৰত আয়োজন কৰা “তৃতীয় বাৰ্ষিক সমাজকৰ্মী চিদানন্দ শইকীয়া সোঁৱৰণী ১৩ বছৰ অনুৰ্ধ আন্তঃপ্ৰশিক্ষণ কেন্দ্ৰ ফুটবল প্ৰতিযোগিতা–২০২৬” ত নামৰূপ টাউন ক্লাৱ ফুটবল একাডেমীয়ে অসাধাৰণ খেল প্ৰদৰ্শনেৰে চেম্পিয়ন হোৱাৰ গৌৰৱ অৰ্জন কৰিবলৈ সক্ষম হৈছে। 🏆🔥

লীগ পদ্ধতিত অনুষ্ঠিত এই প্ৰতিযোগিতাখনত জিলাখনৰ বিভিন্ন প্ৰান্তৰ মুঠ ১০ টা শক্তিশালী ফুটবল প্ৰশিক্ষণ কেন্দ্ৰই অংশগ্ৰহণ কৰিছিল। প্ৰতিযোগিতাৰ প্ৰতিখন খেলতেই আমাৰ কণ-কণ খেলুৱৈসকলে অসাধাৰণ দক্ষতা, শৃংখলাবোধ, আত্মবিশ্বাস, কঠোৰ পৰিশ্ৰম আৰু দলীয় মনোভাৱৰ পৰিচয় দি দৰ্শক আৰু ক্ৰীড়াপ্ৰেমী সকলৰ মন জয় কৰিবলৈ সক্ষম হয়। ⚽❤️

এই সাফল্য কেৱল এটা ট্ৰফী জয় নহয়, ই আমাৰ একাডেমীৰ প্ৰতিজন খেলুৱৈ, প্ৰশিক্ষৰ, পৰিশ্ৰম, ত্যাগ, অনুশীলন আৰু অভিভাৱক, শুভাকাংক্ষী আৰু সমৰ্থকৰ সহযোগিতা আৰু আশীৰ্বাদৰ ফল। কণ-কণ খেলুৱৈসকলৰ অধ্যৱসায় আৰু খেলৰ প্ৰতি থকা আগ্ৰহে আজিৰ এই সফলতাক সম্ভৱ কৰি তুলিছে।

বিশেষভাৱে আমাৰ খেলুৱৈসকলক আন্তৰিক অভিনন্দন জনাইছোঁ। তোমালোকৰ কঠোৰ পৰিশ্ৰম, খেলুৱৈসুলভ মানসিকতা আৰু দলীয় ঐক্যই নামৰূপ টাউন ক্লাৱৰ নাম উজ্জ্বল কৰিবলৈ সক্ষম হৈছে। ভৱিষ্যততো তোমালোকে অধিক উৎসাহেৰে আগবাঢ়ি গৈ জিলাখন, ৰাজ্যখন তথা দেশৰ নাম উজ্জ্বল কৰিব বুলি আমাৰ দৃঢ় বিশ্বাস।

এনে এখন সুন্দৰ, সুশৃংখল প্ৰতিযোগিতা আয়োজন কৰাৰ বাবে ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাক নামৰূপ টাউন ক্লাৱৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। তৃণমূল পৰ্যায়ৰ খেলুৱৈসকলক নিজৰ প্ৰতিভা প্ৰদৰ্শন আৰু বিকাশ কৰাৰ এক সুন্দৰ মঞ্চ প্ৰদান কৰাৰ বাবে এই প্ৰতিযোগিতাৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ।

লগতে প্ৰয়াত সমাজকৰ্মী চিদানন্দ শইকীয়া পৰিয়ালবৰ্গৰ বিশেষকৈ তেখেতৰ সহধৰ্মিনী শ্ৰীমতী মিৰা শইকীয়া, জ্যেষ্ঠ পুত্ৰ তথা ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সভাপতি শ্ৰীযুত নিৰঞ্জন শইকীয়া, কণিষ্ঠ পুত্ৰ শ্ৰীযুত ভাস্কৰ শইকীয়া, ডাঙৰ বোৱাৰী শ্ৰীমতী লিপিকা শইকীয়া আৰু সৰু বোৱাৰী শ্ৰীমতী পামেলা শইকীয়ালৈ আন্তৰিক ধন্যবাদ আৰু গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকে এই প্ৰতিযোগিতাখনৰ সম্পূৰ্ণ ব্যয় বহন কৰি তৃণমূল পৰ্যায়ৰ ফুটবল উন্নয়ন আৰু উদীয়মান খেলুৱৈসকলৰ উজ্জ্বল ভৱিষ্যত গঢ়াৰ ক্ষেত্ৰত যি মহান সহযোগিতা আগবঢ়াইছে, সেয়া সঁচাই প্ৰশংসনীয়, মহৎ আৰু অনুকৰণীয় পদক্ষেপ।
আপোনালোকৰ ক্ৰীড়াৰ প্ৰতি দায়বদ্ধতা, সমাজমুখী চিন্তাধাৰা আৰু কণমানি খেলুৱৈসকলৰ প্ৰতি আন্তৰিক মৰম-স্নেহে এই প্ৰতিযোগিতাখন অধিক গৌৰৱমণ্ডিত আৰু সাফল্যমণ্ডিত কৰি তুলিছে। সমাজ আৰু ক্ৰীড়াৰ উন্নয়নৰ ক্ষেত্ৰত আপোনালোকৰ এই অৱদান সদায় সশ্ৰদ্ধভাৱে স্মৰণীয় হৈ থাকিব।

প্ৰয়াত সমাজকৰ্মী চিদানন্দ শইকীয়াৰ স্মৃতিৰ প্ৰতি সশ্ৰদ্ধ সন্মান জনাইছোঁ। তেখেতৰ সমাজসেৱামূলক চিন্তাধাৰা, ক্ৰীড়াৰ প্ৰতি দায়বদ্ধতা আৰু নতুন প্ৰজন্মক আগুৱাই নিয়াৰ মহান আদৰ্শ আগন্তুক দিনতো সমাজ আৰু ক্ৰীড়া জগতক সদায় অনুপ্ৰাণিত কৰি ৰাখিব বুলি আমি দৃঢ়ভাৱে বিশ্বাস কৰোঁ।

তেখেতৰ স্মৃতি অম্লান হৈ ৰ’ব আৰু তেখেতৰ আদৰ্শই সমাজ তথা কণমানি খেলুৱৈসকলক আগন্তুক দিনতো সঠিক পথত আগুৱাই নিয়াত সদায় প্ৰেৰণা যোগাই যাব।

এই বিজয় আমাৰ বাবে কেৱল এটা জয় নহয়, ই হৈছে নতুন অনুপ্ৰেৰণা, নতুন আত্মবিশ্বাস আৰু আগন্তুক দিনত অধিক সফলতা লাভৰ দিশে এক শক্তিশালী পদক্ষেপ। এই সাফল্যই কণমানি খেলুৱৈসকলৰ মনোবল বৃদ্ধি কৰাৰ লগতে আগন্তুক দিনত অধিক নিষ্ঠা, পৰিশ্ৰম আৰু শৃংখলাৰে আগবাঢ়িবলৈ উৎসাহ যোগাব।

প্ৰতিযোগিতাখনৰ প্ৰতিটো মুহূৰ্তত যিসকল শুভাকাংক্ষী, সমৰ্থক, অভিভাৱক আৰু ক্ৰীড়াপ্ৰেমী ৰাইজে আমাক মৰম, উৎসাহ আৰু সমৰ্থন আগবঢ়াইছে, সকলোলৈ আমাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

আপোনালোকৰ আশীৰ্বাদ, সহযোগিতা আৰু বিশ্বাসেই আমাৰ শক্তি, সাহস আৰু আগবঢ়াৰ প্ৰেৰণা। আগন্তুক দিনতো আপোনালোকৰ একেই মৰম আৰু সমৰ্থন কামনা কৰিলোঁ।



নামৰূপৰ পৰা কলকাতাৰ সেউজ-বেঙুনীয়া ফুটবল দলৰ হৈ আই-লিগৰ চূড়ান্ত যুঁজত নামৰূপৰ ৰাহুল বাল্মিকী । 🔥​নামৰূপ, নাহৰকটীয়া তথা ডি...
01/05/2026

নামৰূপৰ পৰা কলকাতাৰ সেউজ-বেঙুনীয়া ফুটবল দলৰ হৈ আই-লিগৰ চূড়ান্ত যুঁজত নামৰূপৰ ৰাহুল বাল্মিকী । 🔥

​নামৰূপ, নাহৰকটীয়া তথা ডিব্ৰুগড়ৰ জিলাৰ ক্ৰীড়াপ্ৰেমীৰ বাবে এক অত্যন্ত আনন্দদায়ক আৰু গৌৰৱৰ খবৰ! সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ (AIFF) উদ্যোগত আয়োজিত দেশৰ আগশাৰীৰ যুৱ ফুটবল প্ৰতিযোগিতা "AIFF U-14 Sub-Junior Youth League"-ৰ চূড়ান্ত পৰ্যায়ৰ খেলসমূহৰ বাবে আমাৰ নামৰূপ টাউন ক্লাব ফুটবল একাডেমীৰ প্ৰতিভাশালী নিয়মীয়া খেলুৱৈ ৰাহুল বাল্মিকীয়ে ভাৰতীয় ফুটবলৰ মক্কা হিচাপে পৰিচিত কলকাতাৰ ঐতিহ্যমণ্ডিত ক্লাব 'মোহন বাগান ছুপাৰ জায়েন্ট' (Mohun Bagan Super Giant) ৰ হৈ প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে। সাধাৰণতে মোহন বাগান ফুটবল দল বুলি পৰিচিত।
​১৮৮৯ চনত প্ৰতিষ্ঠিত, এছিয়াৰ অন্যতম পুৰণি তথা গৌৰৱোজ্জ্বল ইতিহাসৰ অধিকাৰী এই ক্লাবটোৰ হৈ খেলিবলৈ সুযোগ পোৱাটো যিকোনো খেলুৱৈৰ বাবে এক সপোন।

ৰাহুলে কেৱল সুযোগেই লাভ কৰা নাই, বৰঞ্চ নিজৰ অদম্য সাহস আৰু দক্ষতাৰ জোৰত দলৰ মূল একাদশৰ এজন নিৰ্ভৰযোগ্য ষ্টপাৰ (Stopper) হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। দলৰ ডিফেঞ্চ বা ৰক্ষণবিভাগত ৰাহুলৰ দক্ষতাৰ ওপৰত সকলোৰে যথেষ্ট আস্থা আছে। ইয়াৰ পূৰ্বে ৰাহুল বাল্মীকিয়ে All India Football Federation ৰ AIFF TIRE-2 Sub Junior Football Championship ৰ চেম্পিয়ন দল অসম ৰাজ্যিক ফুটবল দলৰ ৰক্ষণবিভাগৰ নিৰ্ভৰযোগ্য খেলুৱৈ হিচাবে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল।

​চেন্নাইৰ মজিয়াত অনুষ্ঠিত হ’বলগীয়া চূড়ান্ত যুদ্ধৰ
প্ৰতিযোগিতাৰ চুড়ান্ত পৰ্যায়ত (Final Round) অংশগ্ৰহণৰ উদ্দেশ্যে ৰাহুলে ইতিমধ্যে দলৰ প্ৰশিক্ষক আৰু অন্য বিষয়ববীয়াসকলৰ সৈতে কলকাতাৰ পৰা যাত্ৰা কৰি চেন্নাইত উপস্থিত হৈছেগৈ। চেন্নাইত অনুষ্ঠিত হ’বলগীয়া খেলসমূহৰ সময়সূচী তলত দিয়া ধৰণৰ:
​৩ মে': বাংালোৰ এফ. এ. (Bangalore FA) ৰ বিৰুদ্ধে।
​৫ মে': হায়দৰাবাদৰ শ্ৰীনিধি ডেকেন এফ. এ. (Sreenidi Deccan FA) ৰ বিৰুদ্ধে।
​৭ মে': দিল্লীৰ সুদেৱা এফ. এ. (Sudeva FA) ৰ বিৰুদ্ধে।

​নামৰূপৰ দৰে এখন সৰু ঠাইৰ পৰা ওলাই গৈ দেশৰ এনে এক পেছাদাৰী ক্লাবৰ হৈ ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠা ৰাহুল বাল্মিকীৰ এই যাত্ৰা আমাৰ অঞ্চলটোৰ প্ৰতিজন উদীয়মান খেলুৱৈৰ বাবে প্ৰেৰণাৰ উৎস। তেওঁৰ খেলুৱৈসুলভ মানসিকতা আৰু কঠোৰ পৰিশ্ৰমে আজি তেওঁক এই পৰ্যায়লৈ লৈ গৈছে।

​আমি ৰাহুল বাল্মিকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰাৰ লগতে মোহন বাগান দলৰ প্ৰতিগৰাকী খেলুৱৈ, প্ৰশিক্ষক আৰু কাৰ্যকর্তালৈ আমাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। সমগ্ৰ নামৰূপবাসীৰ আশা— ৰাহুলৰ দলটো চেম্পিয়নৰ খিতাপ অৰ্জন কৰি বিজয় গৌৰৱেৰে উভতি আহক।

Address

Dibrugarh
786623

Telephone

+919435324822

Website

Alerts

Be the first to know and let us send you an email when Namrup Town Club posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Namrup Town Club:

Shortcuts

Share