South kamrup sports society

South kamrup sports society Informations de contact, plan et itinéraire, formulaire de contact, heures d'ouverture, services, évaluations, photos, vidéos et annonces de South kamrup sports society, Équipe sportive professionnelle, Democratic Republic of the.

যোৱাকালি অনুষ্ঠিত হৈ যোৱা ৬তম কামৰূপ জিলা কাৰাটে চেম্পিয়নশ্বিপ, ২০২৬ ত দক্ষিণ কামৰূপ ক্ৰীড়া সমাজৰ প্ৰশিক্ষক তাপত্য ডেক...
17/08/2026

যোৱাকালি অনুষ্ঠিত হৈ যোৱা ৬তম কামৰূপ জিলা কাৰাটে চেম্পিয়নশ্বিপ, ২০২৬ ত দক্ষিণ কামৰূপ ক্ৰীড়া সমাজৰ প্ৰশিক্ষক তাপত্য ডেকা ই পুৰুষৰ কুমিটেত ৮৪+ কেজি শাখাত প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়। তথা ২০২৬-২০২৭ বৰ্ষৰ কামৰূপ জিলা কাৰাটে টিমত স্থান লাভ কৰিবলৈ সক্ষম হয়‌।‌

প্ৰশিক্ষণ তাপত্য ডেকাক দক্ষিণ কামৰূপ ক্ৰীড়া সমাজৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলো ।

যোৱা ৭/৮/২৬ তাৰিখে অসম এথেলেটিকছ সন্থাৰ তত্ত্বাবধায়ক তথা SAS ৰ উদ্যোগত তথা কামৰূপ জিলা ক্ৰীড়া সন্থাৰ সহযোগত ৰাষ্ট্ৰীয়...
09/08/2026

যোৱা ৭/৮/২৬ তাৰিখে অসম এথেলেটিকছ সন্থাৰ তত্ত্বাবধায়ক তথা SAS ৰ উদ্যোগত তথা কামৰূপ জিলা ক্ৰীড়া সন্থাৰ সহযোগত ৰাষ্ট্ৰীয় জেভলিন দিৱস উপলক্ষে অনুষ্ঠিত হোৱা ৫ ম বাৰ্ষিক কামৰূপ জিলা জেভলিন থ্ৰ প্ৰতিযোগিতাত দক্ষিণ কামৰূপ ক্ৰীড়া সমাজৰ ৩ জন খেলুৱৈয়ে সফলতা লাভ কৰিবলৈ সক্ষম হয়।

ছোৱালী শাখাত দিপামণি কলিতা (U-18) আৰু ল'ৰাৰ শাখাত হিমাংশু দাসে ( U-18 ) প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হয় তথা আফ্ৰিদ হুছেইনে ( U-20 ) ২য় স্থান লাভ কৰিবলৈ সক্ষম হয়।

বিজয়ী আটাইকেইজন খেলুৱৈলৈ দক্ষিণ কামৰূপ ক্ৰীড়া সমাজৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলো।

দক্ষিণ কামৰূপ ক্ৰীড়া সমাজৰ উদ্যোগত আৰু লাৰ্নিং একাডেমী, মিৰ্জাৰ সহযোগ যোৱা ১/৭/২৬ তাৰিখৰ পৰা আৰম্ভ হোৱা "২য় গ্ৰীষ্মকাল...
01/08/2026

দক্ষিণ কামৰূপ ক্ৰীড়া সমাজৰ উদ্যোগত আৰু লাৰ্নিং একাডেমী, মিৰ্জাৰ সহযোগ যোৱা ১/৭/২৬ তাৰিখৰ পৰা আৰম্ভ হোৱা "২য় গ্ৰীষ্মকালীন প্ৰশিক্ষণ আৰু খেল " ৰ যোৱাকালি সামৰণি পৰে । সেই উপলক্ষে যোৱাকালি জুলাই মাহত হৈ যোৱা হৈ বিভিন্ন শিতানৰ বঁটা সমূহ প্ৰদান কৰা হয় । এই বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে অসম কাবাডী দলৰ প্ৰাক্তন অধিনায়ক তথা ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ কাবাডী ৰেফৰী ছিদ্দিকুৰ ৰহমান ছাৰ , লাৰ্নিং একাডেমী মিৰ্জাৰ সঞ্চালক শ্ৰী ৰাজকুমাৰ ডেকা ছাৰ, এথেলেটিকছ আৰু প্ৰি ডিফেন্স ৰ প্ৰশিক্ষক সঞ্জয় ছাৰ আৰু উপস্থিত থাকে অমল দাস আৰু জোন গোস্বামী ডাঙৰীয়া। বঁটা বিতৰণী অনুষ্ঠানৰ মাজত আটাইকেইজন ছাৰৰ ভাষণে খেলুৱৈ সকলক‌ উৎসাহিত কৰে তথা সকলো খেলুৱৈয়ে নিজৰ নিজৰ ইভেণ্টত নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰে ।
উল্লেখযোগ্য যে এইবাৰৰ প্ৰশিক্ষণ শিবিৰত প্ৰায় ২৭০ জন‌ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল ।

সৰ্বশেষত আমাক সহায় কৰা আটাইকেইজন ব্যক্তিলৈ মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলো লগতে সকলো খেলুৱৈক পুনৰ জুলাই , ২০২৭ খেলত লগ পাম বুলি আশা কৰিলো‌।

দক্ষিণ কামৰূপ ক্ৰীড়া সমাজৰ উদ্যোগত তথা লাৰ্ণিং একাডেমী, মিৰ্জা ৰ সহযোগত আজি 2nd Summer Camp & Games ৰ দবা প্ৰতিযোগিতা খ...
20/07/2026

দক্ষিণ কামৰূপ ক্ৰীড়া সমাজৰ উদ্যোগত তথা লাৰ্ণিং একাডেমী, মিৰ্জা ৰ সহযোগত আজি 2nd Summer Camp & Games ৰ দবা প্ৰতিযোগিতা খন অনুষ্ঠিত হয় । প্ৰতিযোগিতা খনত সৰ্বমুঠ ২০ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰে । প্ৰতিযোগিতাৰ সমান্তৰালকৈ বঁটা বিতৰণী অনুষ্ঠানো আয়োজন কৰা হয় । য'ত উপস্থিত থাকে জোন গোস্বামী ( প্ৰযুক্তি তত্ত্বাবধায়ক অসম গণ পৰিষদ ), বিশিষ্ট শিক্ষা গুৰু তথা লাৰ্ণিং একাডেমীৰ সঞ্চালক শ্ৰী ৰাজকুমাৰ ডেকা ছাৰ ।

বিজয়ী আটাইকেইজন খেলুৱৈ লৈ দক্ষিণ কামৰূপ ক্ৰীড়া সমাজৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলো।

17/07/2026

Flying 🪽

কামৰূপ জিলা ক্ৰীড়া সন্থাৰ দ্বাৰা আয়োজিত তথা শুৱালকুছি ক্ৰীড়া সন্থাৰ সহযোগত অনুষ্ঠিত নৱম কামৰূপ জিলা আন্ত:ক্লাৱ প্ৰতিয...
16/06/2026

কামৰূপ জিলা ক্ৰীড়া সন্থাৰ দ্বাৰা আয়োজিত তথা শুৱালকুছি ক্ৰীড়া সন্থাৰ সহযোগত অনুষ্ঠিত নৱম কামৰূপ জিলা আন্ত:ক্লাৱ প্ৰতিযোগিতাত দক্ষিণ কামৰূপ ক্ৰীড়া সমাজৰ ১৭ জনীয়া দল এটাই অংশগ্ৰহণ কৰে আৰু বিভিন্ন ইভেণ্টত সৰ্বমুঠ ১৯ টা পদক অৰ্জন কৰিবলৈ সক্ষম য'ত ৬ টা গোল্ড , ৯ টা চিলভাৰ ,৪ টা ব্ৰঞ্জৰ পদক আছে ।

তথা দক্ষিণ কামৰূপ ক্ৰীড়া সমাজৰ খেলুৱৈ অমানিশা দাসে ১৮ বছৰ অনুৰ্ধ্ব ছোৱালী শাখাত শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰিবলৈ সক্ষম হয় ।

পদক প্ৰাপ্ত খেলুৱৈ সকল ক্ৰমে --
অংকিতা ৰাভা ( A-20 ) ৩০০০ মি ( ১ম স্থান)
আফ্ৰিদ হুছেইন ( u-20) জেভলিন থ্ৰ ( ১ম স্থান ) ডিচকাচ থ্ৰ ( ২য় স্থান )
মনালিছা ৰাভা ( A-20) ৮০০ মি ( ১ম স্থান) , ৪০০ যি ( ২য়‌ স্থান)
অমানিশা দাস ( u-18 ) চটফুট ( ১ম স্থান) , জেভলিন থ্ৰ ( ১ম স্থান)
দীপা কুমাৰী ( u-18 ) ডিচকাচ থ্ৰ ( ১ম‌ স্থান ) , ১০০০ মি‌( ২য় স্থান)

দিপামণি কলিতা ( U-18 ) জেভলিন থ্ৰ ( ২য় স্থান) ,ডিচকাচ থ্ৰ ( ২য় স্থান )
মানস কলিতা ( u-18 ) ডিচকাচ থ্ৰ ( ২য় স্থান) , চটফুট ( ২য় স্থান )
নয়না ঠাকুৰীয়া (u-18 ) চটফুট ( ২য় স্থান) , ১০০০মি ( ৩য় স্থান )
কংকনা দাস ( u-16 ) লং জাস্প ( ২য় স্থান)

সুকন্যা ৰাভা ( A-20 ) ২০০ মি ( ৩য় স্থান) , ৪০০ মি‌( ৩য় স্থান)
জ্যোতিৰ্ময় ঠাকুৰীয়া ( u-14 ) ট্ৰাইথলিন ( ৩য় স্থান‌)

পদক প্ৰাপ্ত আটাইকেইজন খেলুৱৈ লৈ দক্ষিণ কামৰূপ ক্ৰীড়া সমাজৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলো লগতে উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিলো ।

যোৱাকালি দক্ষিণ কামৰূপ ক্ৰীড়া সমাজে ৪ বছৰ সম্পূৰ্ণ কৰিলে । ২০২২ ত যি‌ এক পৰিৱৰ্তনৰ যাত্ৰা আৰম্ভ হল সেয়া এতিয়া অপ্ৰতিৰ...
20/02/2026

যোৱাকালি দক্ষিণ কামৰূপ ক্ৰীড়া সমাজে ৪ বছৰ সম্পূৰ্ণ কৰিলে । ২০২২ ত যি‌ এক পৰিৱৰ্তনৰ যাত্ৰা আৰম্ভ হল সেয়া এতিয়া অপ্ৰতিৰোধ্য। বহুতো প্ৰতিভাৰ আগমন ঘটিল,
আৰু বহুতো প্ৰতিভা আহিব বাকি আছে । লক্ষ্য এটাই দক্ষিণ কামৰূপ অঞ্চলৰ প্ৰতিভাৱান খেলুৱৈয়ে যাতে এখন‌ স্থান লাভ কৰে য'ত তেওঁলোকে নিজৰ প্ৰতিভাৰ পৰিচয় দিবলৈ সক্ষম হয়‌। এই সুযোগতে আমাক চাৰি বছৰে নিস্বাৰ্থ ভাৱে সহায়‌ কৰা প্ৰতিজন ব্যক্তিলৈ ধন্যবাদ জ্ঞাপন কৰিলো । জয়তু দক্ষিণ কামৰূপ ক্ৰীড়া সমাজ ।

পোন প্ৰথমে দেশৰ হকে শ্বহীদ হোৱা প্ৰত্যকজন ব্যক্তিলৈ দক্ষিণ কামৰূপ ক্ৰীড়া সমাজৰ ফালৰ পৰা শ্ৰদ্ধাঞ্জলি জনালো । আপোনালোকৰ ...
26/01/2026

পোন প্ৰথমে দেশৰ হকে শ্বহীদ হোৱা প্ৰত্যকজন ব্যক্তিলৈ দক্ষিণ কামৰূপ ক্ৰীড়া সমাজৰ ফালৰ পৰা শ্ৰদ্ধাঞ্জলি জনালো । আপোনালোকৰ অৱদানৰ ফলত আমি আজি এই মুকলি আকাশ পাবলৈ সক্ষম হৈছো ।

সকলো লৈ দক্ষিণ কামৰূপ ক্ৰীড়া সমাজৰ ফালৰ পৰা ৭৭ তম গণৰাজ্য দিৱসৰ শুভেচ্ছা জনালোঁ।

যোৱা ১১,১২ জানুৱাৰী তাৰিখে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, কামৰূপ জিলাৰ উদ্যোগত ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে কামৰূপ জিলা ভ...
26/01/2026

যোৱা ১১,১২ জানুৱাৰী তাৰিখে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, কামৰূপ জিলাৰ উদ্যোগত ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে কামৰূপ জিলা ভিত্তিত আয়োজিত আন্ত: ক্লাব, বিদ্যালয়, মহাবিদ্যালয় এথেলেটিকছ প্ৰতিযোগিতাত দক্ষিণ কামৰূপ ক্ৰীড়া সমাজে অংশগ্ৰহণ কৰে আৰু ৫টা গোল্ড, ৩টা চিলভাৰ, ৭ টা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়‌, তথা কামৰূপ জিলাৰ ভিতৰত দ্বিতীয় সৰ্বশ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়।

পদক খেলুৱৈ সকল‌ ক্ৰমে --
৪×১০০মি দৌৰ ( প্ৰথম স্থান ) -- হিল্লৱ দাস, ৰূপম দাস, পাৰ্থ প্ৰতিম দাস, যুৱা জ্যোতি মহন্ত

আফ্ৰীদ হুছেইন --জেভলিন থ্ৰ ( ১ম স্থান ) , ডিচকাচ থ্ৰ ( ৩য় স্থান )

কংকনা দাস -- লং জাস্প ( ১ম স্থান) , ৬০ মি‌ ( ৩য় স্থান)

পাৰ্থ প্ৰতিম দাস -- ৬০০ যি ( ১ম স্থান)

নয়না দাস -- চটফুট ( ১ম স্থান) , ডিচকাচ থ্ৰ ( ৩য়‌ স্থান)

দীপা মণি কলিতা -- জেভলিন থ্ৰ ( ২য় স্থান)

যুৱা জ্যোতি মহন্ত -- লং জাস্প ( ২য় স্থান) , ১০০ মি ( ৩য়‌ স্থান)

ভিতালী দাস -- ডিচকাচ থ্ৰ ( ২য়‌ স্থান ) , চটফুট ( ৩য় স্থান) , জেভলিন থ্ৰ ( ৩য় স্থান)

সমীৰ দাস -- জেভলিন থ্ৰ ( ৩য়‌ স্থান )

যোৱা ৭,৮,৯ জানুৱাৰী তাৰিখে  মিৰ্জা গ্ৰাম্য ষ্টেডিয়াম অনুষ্ঠিত হোৱা বাৰ্ষিক ক্ৰীড়া সমাৰোহ ২০২৬ ত দক্ষিণ কামৰূপ ক্ৰীড়া ...
16/01/2026

যোৱা ৭,৮,৯ জানুৱাৰী তাৰিখে মিৰ্জা গ্ৰাম্য ষ্টেডিয়াম অনুষ্ঠিত হোৱা বাৰ্ষিক ক্ৰীড়া সমাৰোহ ২০২৬ ত দক্ষিণ কামৰূপ ক্ৰীড়া সমাজে ( একাডেমী ) অংশগ্ৰহণ কৰে। আৰু আমাৰ বহুসংখ্যাক খেলুৱৈয়ে প্ৰতিযোগিতা খনত স্থান লাভ কৰিবলৈ সক্ষম হয়। স্থান লাভ কৰা খেলুৱৈ সকল ক্ৰমে --

কংকনা দাস ২০০মি, ৪০০মি , লং জাস্প প্ৰথম স্থান ,
ৰূপম দাস ২০০ মি , ৬০০ মি প্ৰথম স্থান,
অনুশ্ৰী বৈশ্য ১০০মি,২০০মি,৪০০মি, চট ফুট প্ৰথম স্থান,
ইচিকা সিঙ ৬০০মি,৩০০০মি প্ৰথম স্থান
অমানিশা দাস
চটফুট ১ম স্থান
দীপা কুমাৰী
চটফুট ১ম স্থান
যুৱ জ্যোতি মহন্ত
লং জাস্প, ২০০মি ১ম স্থান, ১০০মি ৩য় স্থান
হিল্লৱ দাস
হাই জাস্প ১ম স্থান, লং জাস্প আৰু জেভলিন থ্ৰ ৩য় স্থান
মনালিছা ৰাভা
৪০০মি প্ৰথম স্থান, ৮০০মি ২য় স্থান, ২০০ মি ৩য় স্থান
মানস দাস
হাই জাস্প ১ম স্থান
আফ্ৰীদ হুছেইন
জেভলিন থ্ৰ ১ম স্থান, ডিচকাচ থ্ৰ ৩য় স্থান
মানৱ ৰাজ মুদৈ
চটফুট ১ম স্থান
নয়না দাস
চটফুট ১ম স্থান , জেভলিন থ্ৰ ২য় স্থান
দিপামণি কলিতা
চটফুট ২য় স্থান
পল্লৱী কলিতা
২য় স্থান
অমনদ্বীপ শৰ্মা
লং জাস্প ২য় স্থান,
সমীৰ দাস
চটফুট আৰু জেভলিন থ্ৰ ৩য় স্থান

১৪ বছৰ অনুৰ্ধ্ব ছোৱালী শাখাত অনুশ্ৰী বৈশ্য শ্ৰেষ্ঠ খেলুৱৈ।
১৬ বছৰ অনুৰ্ধ্ব শাখাত কংকনা দাস শ্ৰেষ্ঠ খেলুৱৈ

৪×১০০ মি দৌৰত কংকনা দাস , অনুশ্ৰী বৈশ্য, ইচিকা সিঙ , নিহাৰিকা দাস ( প্ৰথম স্থান)

১৬ বছৰ অনুৰ্ধ্ব ছোৱালী কাবাডী প্ৰতিযোগিতাত চেম্পিয়ন
সদস্য --
কংকনা দাস, অনুশ্ৰী বৈশ্য, বৰষা কলিতা, প্ৰীতি দাস , ডিস্মি কলিতা , মধুস্মিতা দাস , সোণালী নাথ , পিহু দাস , বেদাংগনা কলিতা , দেবাংগনা কলিতা , অনুষ্কা মজুমদাৰ , ইচিকা সিঙ, ৰিমপি দাস , বিস্মিতা কলিতা ।

Adresse

Democratic Republic Of The

Site Web

Notifications

Soyez le premier à savoir et laissez-nous vous envoyer un courriel lorsque South kamrup sports society publie des nouvelles et des promotions. Votre adresse e-mail ne sera pas utilisée à d'autres fins, et vous pouvez vous désabonner à tout moment.

Raccourcis

Partager