Sonitpur District Karate Do Association - SDKA

Sonitpur District Karate Do Association - SDKA Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Sonitpur District Karate Do Association - SDKA, Amateur Sports Team, Tezpur.

08/09/2025
আজি আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিবস উপলক্ষে অসম অলিম্পিক সন্হাৰ উদ্যোগত আৰু তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ সহযোগত অনুষ্ঠিত হোৱ...
23/06/2025

আজি আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিবস উপলক্ষে অসম অলিম্পিক সন্হাৰ উদ্যোগত আৰু তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ সহযোগত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিবসত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ভাৰত চৰকাৰৰ সন্মানীয় কেন্দ্ৰীয় মন্ত্ৰী আৰু অসম অলিম্পিক সন্হাৰ সভাপতি শ্ৰীযুত সৰ্বানন্দ সোণোৱাল দেবৰ লগতে অৰ্জুন হিমা দাসক শোঁণিতপুৰ জিলা কাৰাটে সন্হাৰ তৰফৰ পৰা সম্বধনা জনোৱা হয় ।

" স্বৰ্গীয় চম্পক ডেকাৰ কৰকমলত"শোঁণিতপুৰ জিলা কাৰাটে সংস্থাই সদৌ অসম কাৰাটে সংস্থাৰ উপ সভাপতি, ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক...
23/02/2025

" স্বৰ্গীয় চম্পক ডেকাৰ কৰকমলত"

শোঁণিতপুৰ জিলা কাৰাটে সংস্থাই সদৌ অসম কাৰাটে সংস্থাৰ উপ সভাপতি, ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন খেলুৱৈ কিয়ছি চম্পক ডেকাৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। সেই উদ্দেশ্যেৰে কালি ইংৰাজী ২২-০২-২০২৫ তাৰিখে শোঁণিতপুৰ জিলা কাৰাটে সংস্থাৰ এটি সজাতি দলে স্বৰ্গীয় চম্পক ডেকাৰ গুৱাহাটী স্হিত বাসগৃহত উপস্থিত হৈ শোক বার্তা সম্বলিত এখনি শোকপত্র আৰু কিছু পৰিমাণে আৰ্থিক সাহাৰ্য্য প্ৰদান কৰে। শোঁণিতপুৰ জিলা কাৰাটে সংস্থাৰ হৈ সন্মানীয় উপ সভাপতি সঞ্জয় কুমাৰ চাহু, সাধাৰণ সম্পাদক তিলেশ্বৰ ডেকা, কোষাধ্যক্ষ মনোজ কুমাৰ নাথ, যুটীয়া সম্পাদক ভূপেন বৰা, কাৰ্যনিৰ্বাহক সদস্য ক্রমে ৰাজীব হাজৰিকা আৰু অৰূপ জ্যোতি নাথ উক্ত কাৰ্যসূচীত উপস্থিত থাকে।

Wishing to  Sjt Jiten Borthakur, the President of the Sonitpur District Karate Association a birthday filled with health...
25/01/2025

Wishing to Sjt Jiten Borthakur, the President of the Sonitpur District Karate Association a birthday filled with health, happiness, and boundless energy to continue leading with strength and vision.

Today successfully concluded the 3rd Edition of our loved Life time President memorial RAJEN BORTHAKUR CUP 2024.Around 3...
22/12/2024

Today successfully concluded the 3rd Edition of our loved Life time President memorial RAJEN BORTHAKUR CUP 2024.
Around 350nos participants took part in this said tournament.
The flag hoisting was done by SDKA President Sjt Jiten Borthakur and working President Sjt Probodh Deka other office bearers of SDKA. Shahid Tarpan was done by Vice President Sensei Sanjay Kumar Shaw. The inauguration ceremony grace by hounarable MLA Tezpur Sjt Prithviraj Rabha and the closing ceremony concluded in the presence of hounarable MLA Borchalla Sjt Ganesh Kumar Limbu.
The championship has been hosted by SDKA affiliated club - Sea Rider Karate Academy.

The Best Team Award goes to
THE CHAMPION CLUB.

Get Ready for the Tribute to our Life time President Late RAJEN BORTHAKUR.The 3rd Edition of RB CUP 2024.
13/12/2024

Get Ready for the Tribute to our Life time President Late RAJEN BORTHAKUR.
The 3rd Edition of RB CUP 2024.

শোঁণিতপুৰ জিলা কাৰাটে সন্হাৰ পঞ্চদশ বাৰ্ষিক জিলা কাৰাটে প্ৰতিযোগিতাখনি যোৱা ইংৰাজী ১ চেপ্তেম্বৰ, ২০২৪  তাৰিখে বি পি তিনি...
05/09/2024

শোঁণিতপুৰ জিলা কাৰাটে সন্হাৰ পঞ্চদশ বাৰ্ষিক জিলা কাৰাটে প্ৰতিযোগিতাখনি যোৱা ইংৰাজী ১ চেপ্তেম্বৰ, ২০২৪ তাৰিখে বি পি তিনিআলি কাৰাটে একাডেমীৰ উদ্যোগত বি পি তিনিআলি বিষ্ণু জ্যোতি হাই স্কুলত সুকলমে অনুষ্ঠিত হয়। প্ৰতিযোগিতা খনিত জিলা কাৰাটে সংস্থাৰ পতাকা উত্তোলন কৰে সংস্থাৰ সংস্থাৰ স্থায়ী সভাপতি শ্ৰীযুত জিতেন বৰঠাকুৰ ডাঙৰীয়াই । শোঁণিতপুৰ জিলাৰ ২১ টা ক্লাবৰ প্ৰায় ৩০০ প্ৰতিযোগীয়ে অংশ গ্রহণ কৰা প্ৰতিযোগিতাখনিত বিভিন্ন শাখাত সোন আৰু ৰূপৰ পদক অৰ্জন কৰা খেলুৱৈসকলে অহা অক্টোবৰ মাহত হবলগীয়া ৰাজ্যিক প্ৰতিযোগিতাখনিত অংশ গ্রহণ কৰিব। অসম অলিম্পিক সন্হাৰ উদ্যোগত অনুষ্ঠিত হবলগীয়া ৰাজ্যিক প্ৰতিযোগিতাৰ বাবে বাছনি হোৱা খেলুৱৈ সকলক অভিনন্দন জ্ঞাপন কৰিলোঁ।

যোৱা ইংৰাজী ৩০ জুন, ২০২৪ তাৰিখ, ৰবিবাৰে গুৱাহাটীৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ সভাকক্ষত সদৌ অসম কাৰাটে সন্থাৰ বাৰ্ষিক সাধাৰণ...
02/07/2024

যোৱা ইংৰাজী ৩০ জুন, ২০২৪ তাৰিখ, ৰবিবাৰে গুৱাহাটীৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ সভাকক্ষত সদৌ অসম কাৰাটে সন্থাৰ বাৰ্ষিক সাধাৰণ সভাখনি অনুষ্ঠিত হৈ যায় ৷ উক্ত সভাত সভাপতিত্ব কৰে সদৌ অসম কাৰাটে সন্থাৰ সন্মানীয় সভাপতি তথা কমলপুৰ বিধান সভা সমষ্টিৰ বিধায়ক শ্ৰীযুত দিগন্ত কলিতা দেবে ৷ সভাৰ উদ্দেশ্য বাখ্যা আৰু সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে সন্হাৰ সাধাৰণ সম্পাদক শ্ৰীযুত আদৰ্শ চৌধুৰী ডাঙৰীয়াই l অসমৰ প্ৰায় ৩১খন জিলাৰ প্ৰতিনিধিয়ে প্ৰতিনিধিত্ব কৰা সভাখনিত শোণিতপুৰ জিলাৰ হৈ শোঁণিতপুৰ জিলা কাৰাটে সন্থাৰ সন্মানীয় সভাপতি শ্ৰী জিতেন বৰঠাকুৰ ডাঙৰীয়া, উপ সভাপতি শ্রী সঞ্জয় কুমাৰ চাও ডাঙৰীয়া আৰু সাধাৰণ সম্পাদক শ্ৰী তিলেশ্বৰ ডেকাই অংশগ্রহণ কৰে । আজিৰ সভাই বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গ্ৰহণ কৰে ৷

09/05/2024
04/05/2024
যোৱা ১০/০৩/২০২৪ তাৰিখ ৰবিবাৰে অসম কাৰাটে সন্হাৰ উপ সভাপতি শ্ৰী ৰবিন শইকীয়া দেবৰ পৰ্য্যবেক্ষনত শোণিতপুৰ জিলা কাৰাটে সন্থ...
11/03/2024

যোৱা ১০/০৩/২০২৪ তাৰিখ ৰবিবাৰে অসম কাৰাটে সন্হাৰ উপ সভাপতি শ্ৰী ৰবিন শইকীয়া দেবৰ পৰ্য্যবেক্ষনত শোণিতপুৰ জিলা কাৰাটে সন্থাৰ বাৰ্ষিক সাধাৰণ সভাখন বিহগুৰি স্হিত শ্বি ৰাইডাৰ কাৰাটে একাডেমীত অনুষ্ঠিত হৈ যায় । স্থায়ী সভাপতি শ্ৰীযুত জিতেন বৰঠাকু দেৱৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনিত শোণিতপুৰ জিলা কাৰাটে সন্হাৰ নতুন সমিতি খন গঠন হয়। নতুন সমিতিখনৰ সভাপতি পদত পুনৰবাৰ শ্রীযুত জিতেন বৰঠাকুৰ দেৱক, কাৰ্য্যকৰী সভাপতিৰ পদত শ্ৰী প্ৰবোধ ডেকা, উপসভাপতিৰ পদত শ্রী সঞ্জয় কুমাৰ চাওঁ, শ্রী দ্বিপেন শইকীয়া, শ্রী দিগন্ত দাস, শ্রী মহানন্দ শৰ্মা, শ্ৰী বেদব্ৰত বৰা, শ্রী ৰনেন শৰ্মা ডাঙৰীয়াক মনোনীত কৰা হয় । সাধাৰণ সম্পাদকৰ পদত শ্ৰী তিলেশ্বৰ ডেকা, যুটীয়া সম্পাদকৰ পদত শ্রী তন্ময় নাথ, শ্ৰী ভূপেন বৰা, শ্রী মনজিত শইকীয়া, , সহকাৰী সম্পাদক পদত শ্রী বিপুল নাথ, শ্ৰী লক্ষ্য বিজয় শইকীয়া, শ্ৰী হিৰক জ্যোতি পতংগীয়া আৰু কোষাধ্যক্ষ হিচাপে মনোজ নাথক মনোনীত কৰা হয়। আজিৰ সভাই কাৰ্যনিৰ্বাহক সদস্যৰ পদত শ্ৰী মন্টু হাজৰিকা, শ্রী অনন্ত বৰদলৈ, শ্ৰী ৰাজীৱ হাজৰিকা, শ্ৰী ধনটি দাস, শ্ৰী চনু কাপুৰ, শ্ৰী অৰূপ জ্যোতি নাথ, শ্ৰী শৈলেন্দ্র বৰাক সৰ্বসন্মতি ক্ৰমে নিৰ্বাচিত কৰে। অনাগত দিনত খেলুৱৈ সকলৰ উন্নতিৰ স্বাৰ্থত শোণিতপুৰ জিলাৰ এই ২২ জনীয়া সমিতি খনে সকলো ৰাইজৰ সহায় সহযোগ আন্তৰিকতাৰে কামনা কৰিছে।

Address

Tezpur

Telephone

+919854015456

Website

Alerts

Be the first to know and let us send you an email when Sonitpur District Karate Do Association - SDKA posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Sonitpur District Karate Do Association - SDKA:

Share