17/06/2023
বৰ্তমান কৰ্ণাটকাতৰ Mysuru ত অনুষ্ঠিত হোৱা YUVA KABADDI SERIES SESSION 5 ত পোন- প্ৰথম বাৰৰ বাবে অসম মনিপুৰ আৰু ত্ৰিপুৰাৰ মুঠ ১৪ জন খেলুৱৈয়ে কাজিৰঙা ৰাইনচ দলটোৰ হৈ প্ৰতিদ্বন্দিতা কৰিব । এই খেলখনত শিৱসাগৰ কাবাডী ক্লাৱ ৰ দুজন কৈ খেলুৱৈ শ্ৰী ঋষিকেশ শৰ্ম্মা আৰু শ্ৰী নিতিশ ৰায়য়ে কাজিৰঙা ৰাইনচ ৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়াব আৰু লগতে শিৱসাগৰ কাবাডী ক্লাৱ ৰ প্ৰশিক্ষক শ্ৰী মানস জ্যোতি চেতিয়ায়ে এই দলটোৰ মুখ্য প্ৰশিক্ষক হিচাপে থাকিব । নৱ - প্ৰজন্ম খেলুৱৈ সকলক ইমান এখন ডাঙৰ মঞ্চ দিয়াৰ বাবে সকলো খেলুৱৈ আৰু শিৱসাগৰ কাবাডী ক্লাৱৰ তৰফৰ পৰা অসম কাবাডী সন্থাক অশেষ ধন্যবাদ জ্ঞপন কৰিলোঁ। অনাগত দিনত অসমৰ কাবাডী খেলুৱৈয়ে ইয়াতকৈ ও ডাঙৰ মঞ্চত খেলিবলৈ সহায় - সহযোগিতা আগবঢ়াব বুলি আমি অসম কাবাডী সন্থাৰ ওপৰত আশাবাদী।