Oryzaa Sports Academy

Oryzaa Sports Academy Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Oryzaa Sports Academy, Sports Team, সোনাইবেৰা, আলিটাঙনী, নগাঁও, অসম, ৭৮২১২৪, Nagaon.

অৰাইজা স্পৰ্টছ একাডেমী হৈছে আলিফ ইউনিয়ন ফাউণ্ডেশ্যনৰ ক্ৰীড়া বিকাশৰ ক্ষেত্ৰত এক দীঘলীয়া দৃষ্টিভংগীৰ অংগ। ই কেবল মাত্ৰ শাৰীৰিক বিকাশৰ ক্ষেত্ৰত সীমিত নহ’ব; ই এক স্বপ্নৰ প্ৰতিফলন, য’ত প্ৰতিজন খেলুৱৈৰ যাত্ৰা এক সফল গল্পৰ আৰম্ভণি হ’ব। আলিফ ভলীবল একাডেমী
"উন্নতিৰ বাবে খেল, একতাৰ বাবে দল"
আলিফ ইউনিয়ন ফাউণ্ডেশ্যনৰ এখন নতুন আৰু গুৰুত্বপূর্ণ পদক্ষেপ হ’ল আলিফ ভলীবল একাডেমী। এই একাডেমী হৈছে ভাৰতৰ ক্ৰীড়া ক্ষেত্ৰত বিশেষকৈ গ্ৰামাঞ্চলৰ যুৱসমাজৰ বাবে এক অনন্য সুযোগ। ইয়াৰ মুল উদ্দেশ্য হৈছে ভলীবলৰ দৰে জনপ্ৰিয় খেলৰ যোগেদি যুৱক-যুৱতীসকলৰ শাৰীৰিক সক্ষমতা, দলগত চেতনাৰ বিকাশ, আৰু প্ৰতিভা জাগ্ৰত কৰা।
এই একাডেমী শুধুমাত্ৰ এটা প্ৰশিক্ষণ কেন্দ্ৰ নহয়, ই হৈছে এখন মঞ্চ য'ত স্থানীয় প্ৰতিভাসমূহ চিনাক্ত কৰি ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় স্তৰত উন্নীত কৰাৰ লক্ষ্য পূৰণ হ’ব। আলিফ ভলীবল একাডেমীৰ জৰিয়তে ক্ৰীড়া-প্ৰেমী যুৱসমাজে আধুনিক প্ৰশিক্ষণ, যোগ্য প্ৰশিক্ষকৰ পৰামৰ্শ, আৰু বিশ্বমানৰ সুযোগ-সুবিধা লাভ কৰিব।
আমাৰ লক্ষ্যসমূহঃ
• নতুন প্ৰজন্মৰ মাজত ক্ৰীড়াৰ প্ৰতি সচেতনতা আৰু আগ্ৰহ সৃষ্টি কৰা।
• গ্ৰামাঞ্চলৰ যুৱক-যুৱতীক ক্ৰীড়াৰ জৰিয়তে স্বাস্থ্যসন্মত আৰু শৃংখলাবদ্ধ জীৱনশৈলীত প্ৰৱেশ কৰোৱা।
• প্ৰতিভাসমূহক চিনাক্ত কৰি তেওঁলোকক উচ্চতৰৰ প্ৰতিযোগিতাৰ বাবে প্রস্তুত কৰা।
• ভলীবলৰ যোগেদি সামাজিক ঐক্য আৰু দলগত চেতনাৰ উন্নতি সাধন।
আমাৰ একাডেমী হৈছে আলিফ ইউনিয়ন ফাউণ্ডেশ্যনৰ ক্ৰীড়া বিকাশৰ ক্ষেত্ৰত এক দীঘলীয়া দৃষ্টিভংগীৰ অংগ। ই কেবল মাত্ৰ শাৰীৰিক বিকাশৰ ক্ষেত্ৰত সীমিত নহ’ব; ই এক স্বপ্নৰ প্ৰতিফলন, য’ত প্ৰতিজন খেলুৱৈৰ যাত্ৰা এক সফল গল্পৰ আৰম্ভণি হ’ব।
আপোনালোকৰ সহায় আৰু অংশগ্ৰহণে আলিফ ভলীবল একাডেমীক বৃহৎ সফলতাৰ পথত আগুৱাই নিয়াৰ অনুপ্ৰেৰণা যোগাব।

Address

সোনাইবেৰা, আলিটাঙনী, নগাঁও, অসম, ৭৮২১২৪
Nagaon
782124

Opening Hours

Monday 3pm - 7pm
Tuesday 3pm - 7pm
Wednesday 3pm - 7pm
Thursday 3pm - 7pm
Friday 3pm - 7pm
Saturday 3pm - 7pm
Sunday 5pm - 7pm

Website

Alerts

Be the first to know and let us send you an email when Oryzaa Sports Academy posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share