Apun Barta

Website

Apun Barta Apun Barta is an independent news page bringing you live, breaking and latest news from Assam, India and around the world.

Follow our page for regular news updates.

📢Send your local news, important updates, videos for publication
📩[email protected]

10/11/2026

ভূমি বিবাদক কেন্দ্ৰ কৰি কলিয়াবৰত ভয়াৱহ গুলীচালনা, গুলীবিদ্ধ ৩জন


10/11/2026

গ্ৰাহকৰ বেশত আহি সোণৰ আঙঠি চুৰি দুই দুৰ্বৃত্তৰ

মহাৰাষ্ট্ৰৰ নাছিকৰ আদগাঁও অঞ্চলত সংঘটিত হৈছে চাঞ্চল্যকৰ সোণৰ আঙঠি চুৰিৰ ঘটনা।

জাত্ৰা হোটেল জংচনৰ সমীপৰ এখন অলংকাৰৰ দোকানত গ্ৰাহকৰ বেশত প্ৰৱেশ কৰে দুই অচিনাক্ত দুৰ্বৃত্ত। দোকানীক সোণৰ আঙঠি দেখুৱাবলৈ কোৱাৰ পাছত সুযোগ বুজি প্ৰায় ২.৫ তোলা ওজনৰ সোণৰ আঙঠি থকা এখন ট্ৰে চুৰি কৰি লৈ যায়।

ঘটনাৰ পাছতে দোকানখনৰ বাহিৰত ৰখাই থোৱা এখন চাৰিচকীয়া বাহনত উঠি পলায়ন কৰে দুৰ্বৃত্ত দুজনে।

খবৰ পাই আদগাঁও আৰক্ষী থানাৰ অপৰাধ অনুসন্ধানকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ CCTV ফুটেজ সংগ্ৰহ কৰে।

10/11/2026

বোকাখাতত গোৰ্খা সমাজৰ সৈতে উৎসৱৰ আনন্দত মতলীয়া মন্ত্ৰী অতুল বৰা!

ভাই দুজৰ প্ৰাকক্ষণত দীপাৱলীৰ পৱিত্ৰ ক্ষণত আজি সন্ধিয়া বোকাখাতত গোৰ্খা ভাতৃ-ভগ্নীসকলৰ সৈতে সৌহাৰ্দ্যপূৰ্ণ সময় অতিবাহিত কৰে মন্ত্ৰী অতুল বৰাই। পৰম্পৰা, সংস্কৃতি আৰু সম্প্ৰীতিৰ এক সুন্দৰ ছবি দেখা গ’ল এই অনুষ্ঠানত।

10/11/2026

দীপাৱলীৰ নিশা আতচবাজীৰ আনন্দৰ মাজতে গোলাঘাটৰ মূল বজাৰৰ এছ আৰ ক্লথ নামৰ কাপোৰৰ দোকানত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড।

Chief Minister Himanta Biswa Sarma shares spectacular Diwali fireworks lighting up Guwahati's night sky.
10/11/2026

Chief Minister Himanta Biswa Sarma shares spectacular Diwali fireworks lighting up Guwahati's night sky.



10/11/2026

🔴 দীপাৱলীৰ আনন্দৰ মাজতে গুৱাহাটীত অঘটন!

ৰাজধানী মছজিদৰ সমীপত আতচবাজীৰ পৰা সংঘটিত হ’ল অগ্নিকাণ্ড।

আতচবাজী আহি পৰিল এখন ইলেকট্ৰিক অট’ৰিক্সাত। ফলত জুইত জাহ গ’ল বাহনখনৰ আধা অংশ।

অৱশ্যে কথমপি প্ৰাণৰক্ষা পৰিল অট’ৰিক্সাখনৰ চালকসহ যাত্ৰীসকলৰ।

09/11/2026

ৰামায়ণ ছবিৰ সাজ-পোছাক নিৰ্মাণত অসমৰ বৰপেটাৰ শিল্পীৰ হাতৰ পৰশ!
বলিউডৰ বহু চৰ্চিত ছবি ‘ৰামায়ণ’ত ৰাম আৰু লক্ষ্মণৰ বাবে বিশেষ কৱচ সদৃশ সাজ-পোছাক নিৰ্মাণত ব্যৱহাৰ কৰা হৈছে অসমৰ থলুৱা সৰপাট বেত, মৰাপাট আৰু কাঠ।
বৰপেটা জিলাৰ জানিয়া বাংগলীপাৰাৰ শিল্পী জয়নাল আবদিনৰ নেতৃত্বত ১৫ জনীয়া শিল্পীৰ দলে প্ৰায় ৩ বছৰ ধৰি নিৰ্মাণ কৰিছে ৩০–৩৫ টা বিশেষ কৱচ।
অসমৰ পৰম্পৰাগত বেতশিল্পই এইবাৰ স্থান লাভ কৰিলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ চিনেমাত। গৌৰৱান্বিত অসমবাসী!

09/11/2026

🔴 উজনিৰ বানাক্ৰান্তৰ সাহায্যক লৈ পুনৰ সৰৱ অখিল গগৈ!
📌 ‘দীপাৱলীত আমি আনন্দ-উৎসৱত ব্যস্ত, কিন্তু উজনিৰ বহু লোকে ভালকৈ শুবলৈও পোৱা নাই।’
📌 ‘হিমন্ত বিশ্ব শৰ্মাক তিলমানো গুৰুত্ব দিয়া নাই কেন্দ্ৰই, চৰকাৰে কেন্দ্ৰৰ পৰা কেনেকৈ ধন আনিব?’
📌 বানাক্ৰান্তৰ সাহায্যক লৈ চৰকাৰক প্ৰশ্ন বিধায়ক অখিল গগৈৰ।

09/11/2026

📌 চিকিৎসাধীন অৱস্থাতে JMCHত শেষ নিশ্বাস ত্যাগ দেৱজ্যোতি বৰগোহাঁইৰ।
📌 অভিযোগ অনুসৰি, সামান্য বাক-বিতণ্ডাৰ পিছতে মহিন্দ্ৰা থাৰেৰে তিনিবাৰকৈ খুন্দা মাৰিছিল যুৱকজনক।
📌 যোৱা ৩ নৱেম্বৰত গোলাঘাটৰ টেঙাহোলা গোহাঁইগাঁৱত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা।
📌 সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল দেৱজ্যোতিক।
📌 অৱশেষত ৯ নৱেম্বৰত মৃত্যুৰে যুঁজ দি হাৰ মানিলে যুৱকজনে।

09/11/2026

🔴 শিৱসাগৰত উচ্ছেদ অভিযানৰ দ্বিতীয় দিন l দৌলৰ সন্মুখৰ দোকানত চলিল চৰকাৰী বুলডজাৰ।

শিৱসাগৰত যমুনাৰ বেদখলমুক্ত কৰাৰ লক্ষ্যৰে প্ৰশাসনৰ উচ্ছেদ অভিযান অব্যাহত। আজি দ্বিতীয় দিনাও শিৱসাগৰ দৌলৰ সন্মুখৰ দোকানসমূহত চলিল প্ৰশাসনৰ বুলডজাৰ।

📌 ১২০ বিঘা ১ কঠা ১ লোচা বেদখলীকৃত ভূমি উদ্ধাৰৰ লক্ষ্যৰে অভিযান।

📌 আটাছুৰ প্ৰতিবাদী আৰু কঠোৰ স্থিতিৰ পাছত প্ৰশাসনৰ উচ্ছেদ অভিযান আৰম্ভ হোৱা বুলি চৰ্চা।

📌 বৃহৎ আৰক্ষী বাহিনীৰ উপস্থিতিত অব্যাহত আছে উচ্ছেদ প্ৰক্ৰিয়া।

Address

Guwahati
Guwahati

Alerts

Be the first to know and let us send you an email when Apun Barta posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share