Tingiri Sports Club-TSC-1998

Tingiri Sports Club-TSC-1998 Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Tingiri Sports Club-TSC-1998, Sports Team, Gogamukh, Gogamukh Tajik.

এই পৃথিৱী এক ক্ৰীড়াগণ ক্ৰীড়া হল শান্তিৰ প্ৰাংগন। ক্ৰীড়া প্ৰেমিক ৰাইজ 2 অক্টোবৰ মহামানৱ মহাত্মাগান্ধী (গান্ধী জয়ন্তী) উপলক্ষে চূড়ান্ত ফুটবল FINAL খেল খেলোৱা হয়। contact-bio

Congratulations team India..💐💐
09/03/2026

Congratulations team India..💐💐

আজি মিচিং ভাষা দিৱসৰ পৱিত্ৰ দিনটোত সকলো মিচিং ৰাইজলৈ আন্তৰিক শুভেচ্ছা  জ্ঞাপন কৰিছোঁ।Mising Agom I’rroi ✊️Mising réngam ...
30/10/2025

আজি মিচিং ভাষা দিৱসৰ পৱিত্ৰ দিনটোত সকলো মিচিং ৰাইজলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
Mising Agom I’rroi ✊️
Mising réngam I'rroi✊️

09/10/2025

১ নং ধৰ্মপুৰ শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ উপলক্ষে আয়োজিত চূড়ান্ত ফুটবল প্ৰতিযোগিতাৰ চলন্ত খেলৰ কিছু দৃশ্য।
(Gms fc vs jiyadhal dihiri fc)
Win- Gms [02g]
Dihiri fc-[0g]

03/10/2025

খেল খেল নানা খেল।
যোৱা 02/10/2025 তাৰিখে বহি ক্ৰীড়া প্ৰতিযোগিতা টিঙিৰি গাঁৱৰে তিনিটা চুবুৰীৰ মহিলা সকলৰ ৰছি তনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।

গাওঁ বা সমাজ এখন সুন্দৰ গণতান্ত্ৰিক,সামাজিক,অৰ্থনৈতিক বিকাশ আৰু এখন প্ৰগতিশীল সমাজ গঢ়ি তুলিবলৈ হলে এটা ভাল সন্থাৰ বা এট...
02/10/2025

গাওঁ বা সমাজ এখন সুন্দৰ গণতান্ত্ৰিক,সামাজিক,অৰ্থনৈতিক বিকাশ আৰু এখন প্ৰগতিশীল সমাজ গঢ়ি তুলিবলৈ হলে এটা ভাল সন্থাৰ বা এটা ভাল মঞ্চৰ প্ৰয়োজন এনেদৰেই টিঙিৰি গাঁও ঠিক উদাহৰণ হৈ পৰিছে গোগামুখ তথা ধেমাজি জিলাত TSC অৰ্থাৎ Tingiri sports club নেতৃত্বত। আজি সঁচাকৈ TSC ৰ গৌৰৱ। কাৰণ সকলোৰে সক্ৰিয় নেতৃত্বত গান্ধী জয়ন্তী আয়োজন কৰা দুদিনীয়া কাৰ্যসূচী সফল ৰূপায়ন হোৱা দেখা যায়।
সকলো সক্ৰিয় সদস্য সদস্যা ,উপদেষ্টা মণ্ডলী আৰু সন্মানীয় গাঁৱৰ ৰাইজ আপোনালোকৰ বহুমূলীয়া সহায় সহযোগিতাই টিঙিৰি গাঁও খনৰ বিকাশ গঢ়াৰ উদ্দেশ্য আৰু ধনাত্মক ৰূপ ৰূপান্তৰ হোৱা দেখা গৈছে। গতিকে আপোনালোকৰ আৱদান আপোনালোকৰ দিহা পৰামৰ্শই যেন টিঙিৰি গাঁও তথা TSC ক আগুৱাই যোৱাত উৎসা দিয়ে! ধন্যবাদ। (TSC long live)


02/10/2025

মহামানৱ মহাত্মা গান্ধী জয়ন্তীৰ এই পবিত্ৰ দিনটোত জাতিৰ পিতা মহাত্মা গান্ধীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেওঁৰ সত্য অহিংসা আৰু শান্তিৰ আদৰ্শই সকলোৰেই জীৱন পোহৰাই তোলক।
আজি ইং 02/10/2025 তাৰিখে মহামানৱ মহাত্মা গান্ধীৰ জন্ম জয়ন্তী উপলক্ষে TINGIRI SPORTS CLUB নেতত্বত আয়োজন কৰা চূড়ান্ত (FINAL)প্ৰাইজমানী ফুটবল প্ৰতিযোগিতা অৱনৰি চাংগা FC আৰু TMPK NAHORBARI আঞ্চলিক FC দুয়োটা দলৰ মাজত অনুষ্ঠিত কৰা হয়। সেয়াই যেন চিৰ সত্য যে খেলত জয় পৰাজয় নিশ্চিত ভাবে দুয়োটা খেলৰ সুন্দৰ প্ৰদৰ্শন মাজতে TMPK FC জয়ী হবলৈ সক্ষম হয়। দুয়োটা দলৰ সুদক্ষ খেলুৱৈ সকলক TSC তৰপৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।

22/09/2025

Tsc তৰপৰ পৰা অসমৰ Legend ,সকলোৰেই হিয়াৰ আমঠু হাৰ্ট থ্ৰব জুবিন দা লৈ গভীৰ শ্ৰদ্ধাঞ্জলী।
কবলৈ ভাষা নাই। 😭😥
আজি স্তব্ধ সকলোৰে ........
জয় জুবিন দা.............

20/09/2025

আজি আবেগিক হৈ পৰিছে সকলোৱে। স্তব্ধ।
যাৰ গান শুনি প্ৰতিটো নিশা প্ৰতিটো দিনক পাৰ কৰিছিলো। মৃত্যু এক চিৰসত্য। কিন্তু তেওঁৰ মৃত্যুক সহজে মানি ল'ব পৰা নাই ।
নেদেখা জনৰ কাষত সদায়ে ভালে থাকক
মৰমৰ জুবিন দা।
মায়া মাথো মায়া সঁচাকৈ জীৱনতো মায়া।

মৃত্যু এতিয়া যে সহজ সঁচাকৈ কাৰ মৃত্যু ক'ত আছে একমাত্ৰ ভগৱানে জানে।

পানীৰ মানুহ পানীৰ মাজতে হেৰাই গ'ল।
আকাশে গাতে লবৰে মন।
সাগৰ তলিত শুবৰে মন। সঁচাকৈ সাগৰ তলিত শুই গল।

হয়টো তেওঁৰ জীৱনকাল ইমান দিনলৈ আছিল।

জীৱন দীঘলীয়া নহয় জীৱন বহুত বিশাল হ'ব লাগে যাক শব্দৰে সামৰিব নোৱাৰি তেনেকুৱা হ'ব লাগে।

জুবিন দা তেনেকুৱা এক বিশাল সত্য

দিন জ্বলে ৰাতি জ্বলে সকলো অসমীয়াৰ মনত সদায়ে জ্বলি থাকিব তেওঁ।

ভাষাহীন আজি।😥😥rip Legend।

আমাৰ সকলোৰে প্ৰিয় শিল্পী গৰাকী আৰু আমাৰ মাজত নাই! জুবিনদা বুলি কলে আমি এটা brend হিচাপে গণ্য কৰিছিলো। কিন্তু আজি তাৰিখত ...
19/09/2025

আমাৰ সকলোৰে প্ৰিয় শিল্পী গৰাকী আৰু আমাৰ মাজত নাই! জুবিনদা বুলি কলে আমি এটা brend হিচাপে গণ্য কৰিছিলো। কিন্তু আজি তাৰিখত জুবিন দা আৰু নাই। 😭😭😭😥
এক অসহনীয় মৃত্যু। জুবিন দাৰ এই মৃত্যু আমাৰ সাংস্কৃতিক জগত খনৰ বাবে আৰু অসম তথা সমগ্ৰ ভাৰতত এক অপূৰণীয় ক্ষতি। তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক।

15/09/2025

আজি ইং 15/09/2025 তাৰিখে gunasoti fc vs moinapara Fc ৰ মাজত চূড়ান্ত প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ উদ্বোধনী হয়। খেলখন সুচাৰুৰূপে পৰিবেশন কৰা দুয়োটা দলটোলৈ Tsc তৰপৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। খেলত জয় পৰাজয় থাকে বুলি কোৱাটো সঁচাকৈ চিৰসত্য কিয়নো দৰ্শক সকলৰ মতে gunasoti fc খেল হে ভাল আছিল। কিন্তূ শেষত moinapara Fc য়ে দুই গল দি জয়ী হয়।


Address

Gogamukh
Gogamukh Tajik
TINGIRIGAON

Website

Alerts

Be the first to know and let us send you an email when Tingiri Sports Club-TSC-1998 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category