মুজুৰা কলা কেন্দ্ৰ Mujura Kala Kendra

  • Home
  • India
  • Gauhati
  • মুজুৰা কলা কেন্দ্ৰ Mujura Kala Kendra

মুজুৰা কলা কেন্দ্ৰ  Mujura Kala Kendra An Institution of Sattriya Dance, Drama, Music and Instrument

আজিয়েই ডাউনলড কৰি লওক AIR RADIO App  । কাইলৈ ১৫ মাৰ্চ, ৰাতিপুৱা ১০:৩০ বজাত শুনিবলৈ পাব আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ 'চেমনী...
14/03/2026

আজিয়েই ডাউনলড কৰি লওক AIR RADIO App । কাইলৈ ১৫ মাৰ্চ, ৰাতিপুৱা ১০:৩০ বজাত শুনিবলৈ পাব আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ 'চেমনীয়া চ'ৰা'ত মুজুৰা কলা কেন্দ্ৰৰ শিক্ষাৰ্থী সকলে পৰিবেশন কৰা ভিন্নসুৰী অনুষ্ঠান ।
----------------------------------------------------------------------------------যোৱা ১১ মাৰ্চত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ষ্টুডিঅ'ত 'চেমনীয়া চ'ৰা'ৰ বাবে মুজুৰা কলা কেন্দ্ৰৰ শিক্ষাৰ্থী সকলৰ দ্বাৰা বিভিন-গীত-মাত আদিৰ বাণীবদ্ধ কৰা হয় । বৰগীত, খোলবাদন, কবিতা আবৃত্তি, সাধুকথা, ভূপেন্দ্ৰ সংগীত, বিষ্ণুৰাভা সংগীতৰ লগতে মহহো গীত আৰু জুবিন গাৰ্গৰ গীতেৰে সজোৱা বিচিত্ৰানুষ্ঠানটিত অংশগ্ৰহণ কৰা চেমনীয়া সকল হ'ল- অহিৰ বৰুৱা, নিয়াশা মেধি, দেৱনা দেৱী, ত্ৰিবেণী দেৱী, বৰষাৰণী গগৈ, নিষ্ঠাপ্ৰিয়া কুমাৰী, ৰশ্মিনন্দা কলিতা আৰু নৈঋতি পৰাশৰ ।
অনুষ্ঠানটোৰ পৰিচালনা: বাবী ভৰালী
প্ৰযোজনা: ঋতুপৰ্ণ দাস
প্ৰযোজনা সহযোগী: ভাস্বতী কলিতা

13/02/2026

যোৱা ৮ ফেব্ৰুৱাৰীত মুজুৰা কলা কেন্দ্ৰত অনুষ্ঠিত হৈ যোৱা অসম সত্ৰ মহাসভাৰ সত্ৰীয়া নৃত্যৰ বাৰ্ষিক ব্যৱহাৰিক পৰীক্ষাৰ পৰীক্ষা নিৰীক্ষক শ্ৰীপ্ৰভাকৰ গোস্বামীৰ চমু বক্তব্য ।

অসম সত্ৰ মহাসভা পৰীক্ষা পৰিষদৰ ব্যৱহাৰিক পৰীক্ষা আজি মুজুৰা কলা কেন্দ্ৰত অতি সুন্দৰভাৱে অনুষ্ঠিত হৈ যায় । পৰীক্ষক ৰূপে উ...
08/02/2026

অসম সত্ৰ মহাসভা পৰীক্ষা পৰিষদৰ ব্যৱহাৰিক পৰীক্ষা আজি মুজুৰা কলা কেন্দ্ৰত অতি সুন্দৰভাৱে অনুষ্ঠিত হৈ যায় । পৰীক্ষক ৰূপে উপস্থিত থাকে বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী শ্ৰীযুত প্ৰভাকৰ গোস্বামী । পৰীক্ষাৰ প্ৰাক মুহুৰ্তত তেখেতক এখনি ফুলাম গামোচা, চেলেং চাদৰ, জাপি আৰু এটি ফুলৰ পুলিৰে মুজুৰা কলা কেন্দ্ৰৰ তৰফৰ পৰা উস্ম আদৰণি জনোৱা হয় । উল্লেখ্য যে, পিয়লি ফুকন নগৰ উন্নয়ন সমিতিৰ সভাপতি শ্ৰীযুত খৰ্গেশ্বৰ নাথদেৱ উপস্থিত থাকি শিক্ষাৰ্থী সকলক শুভেচ্ছা জনায় ।

ভোগালীৰ প্ৰাকক্ষণত মুজুৰা কলা কেন্দ্ৰ আৰু আৰোগ্য যোগ কেন্দ্ৰৰ তৰফৰ পৰা সকলোলৈকে শুভ কামনা জনালোঁ🙏🙏
11/01/2026

ভোগালীৰ প্ৰাকক্ষণত মুজুৰা কলা কেন্দ্ৰ আৰু আৰোগ্য যোগ কেন্দ্ৰৰ তৰফৰ পৰা সকলোলৈকে শুভ কামনা জনালোঁ🙏🙏

মুজুৰা কলা কেন্দ্ৰৰ কেইগৰাকীমান শিক্ষাৰ্থী বিভিন্ন নৃত্য ভংগীমাত ।
16/12/2025

মুজুৰা কলা কেন্দ্ৰৰ কেইগৰাকীমান শিক্ষাৰ্থী বিভিন্ন নৃত্য ভংগীমাত ।

অসম সত্ৰ মহাসভাৰ দ্বাৰা পৰিচালিত সত্ৰীয়া নৃত্য আৰু খোলবাদ্যৰ লিখিত পৰীক্ষা আজি মুজুৰা কলা কেন্দ্ৰত সূন্দৰভাৱে অনুষ্ঠিত হ...
14/12/2025

অসম সত্ৰ মহাসভাৰ দ্বাৰা পৰিচালিত সত্ৰীয়া নৃত্য আৰু খোলবাদ্যৰ লিখিত পৰীক্ষা আজি মুজুৰা কলা কেন্দ্ৰত সূন্দৰভাৱে অনুষ্ঠিত হৈ যায় ।

নগাঁও আৰু গুৱাহাটীৰ পৰা প্ৰকাশিত সাপ্তাহিক  কাকত 'ৰণাংগন'ৰ ২৪ নৱেম্বৰ সংখ্যাত প্ৰকাশিত বাতৰিটোৰ বাবে সম্পাদক মণ্ডলীক অশে...
26/11/2025

নগাঁও আৰু গুৱাহাটীৰ পৰা প্ৰকাশিত সাপ্তাহিক কাকত 'ৰণাংগন'ৰ ২৪ নৱেম্বৰ সংখ্যাত প্ৰকাশিত বাতৰিটোৰ বাবে সম্পাদক মণ্ডলীক অশেষ ধন্যবাদ জ্ঞাপন কৰিলো ।

আজি 'আমাৰ অসম', 'দৈনন্দিন বাৰ্তা' আৰু 'দৈনিক বাতৰি কাকত'ত প্ৰকাশিত বাতৰি ।
19/11/2025

আজি 'আমাৰ অসম', 'দৈনন্দিন বাৰ্তা' আৰু 'দৈনিক বাতৰি কাকত'ত প্ৰকাশিত বাতৰি ।

17/11/2025
17/11/2025

অসম সত্ৰ মহাসভাৰ উদ্যোগত সত্ৰীয়া সংস্কৃতি দিৱস ৰূপালী জয়ন্তী উপলক্ষে অনুষ্ঠিত খোল বাদন প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ অসম জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ অহিৰ বৰুৱাৰ


Address

Piyali Phukan Nagar, Bamunimaidam
Gauhati
781021

Telephone

+918761995595

Website

Alerts

Be the first to know and let us send you an email when মুজুৰা কলা কেন্দ্ৰ Mujura Kala Kendra posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to মুজুৰা কলা কেন্দ্ৰ Mujura Kala Kendra:

Shortcuts

Share

Category