07/12/2025
বেবী লেড উইনিং আৰু ইয়াৰ উপকাৰিতা🌸
শিশুৱে নিজে খাবলৈ শিকাটো খুব প্ৰয়োজনীয়... প্ৰতিটো খাদ্য হাতেৰে চুই খাদ্যৰ texture, কেনেকৈ চোবাব আৰু গিলিব সেয়া অনুশীলন কৰিব পাৰে আৰু ক্ৰমান্বয়ে শিকে..৬ মাহ হোৱাৰ লগে লগে finger food অৰ্থাৎ হাতেৰে ধৰি খাব পৰা যিকোনো ফল বা সিদ্ধ পাচলি দিব পাৰে..।
নিজে খাদ্যৰ প্ৰতি আকৰ্ষিত হ'লে বা প্ৰতিটো meal ৰ লগত connect কৰিব পাৰিলে শিশু পৰাপক্ষত picky eater নহয় আৰু খাদ্য মুখত লৈ নাথাকে, আৰু পাচনক্ৰীয়া ভাল হয়..।তাৰমাজতো প্ৰতিটো শিশুৰ মাজে মাজে খাদ্যৰ প্ৰতি অনিহা আহে, একেটা বস্তু সদায় খাব নিবিচাৰে বা মাজে মাজে খোৱা কমাব পাৰে সেয়া নৰমেল, শিশুটোৰ যদি আন একো অসুখ বিসুখ সঘনাই হৈ নাথাকে, ভালকৈ খেলি ধুলি থাকে আৰু average body weight এটাত থাকে তেনে ইমান চিন্তাৰ প্ৰয়োজন নাই..।
প্ৰ'টিন শিশুৰ বৃদ্ধি আৰু বিকাশত খুব প্ৰয়োনয়ীয় দেইলি ডায়েটত শিশুৰ প্ৰ'টিন, ভিটামিন, মিনাৰেল আৰু ফাইবাৰ আৰু healthy fat থকাটো খুব দৰকাৰী..।
সময়ৰ অভাৱ হ'লে এইদৰে পনীৰ, কনী, বিভিন্ন শাক পাচলি সকলো সামান্য বাটাৰত saute কৰি ভাতকেইটামান লগতে দি খুৱাব পাৰে।