12/02/2025
#গুৰুত্বপূৰ্ণ_তথ্য
অপেক্ষা কৰক হয়তো আৰু কিছুদিনৰ পাছত আপুনি জীৱ-জন্তু বা পশু-পক্ষীৰ লগত কথাবাৰ্তা পাতিব পাৰিব।
আপুনি বাৰু জানেনে, বিজ্ঞানৰ এটা গৱেষণাৰ প্ৰতিষ্ঠানে AI জড়িয়তে জীৱ-জন্তু, পশু-পক্ষীৰ মাত সংগ্ৰহ কৰি এই ব্যৱস্থাত কৰিব গৈ আছে।
Earth Species Project (ESP) হৈছে এখন গবেষণা প্ৰতিষ্ঠান, যিয়ে কৃত্ৰিম বুদ্ধিমত্তা (AI) ব্যৱহাৰ কৰি প্ৰাণীসমূহৰ মাত সমূহৰ সংগ্ৰহ কৰি তাৰ পৰা অৰ্থ উলিয়াই ভাষা বুজিবলৈ কাম কৰি আছে।
Natural Language Processing (NLP) ব্যৱহাৰ কৰি ESP-এ এই কামটো কৰিব গৈ আছে, কেনেকৈ ইয়াক সম্ভৱ কৰিব পাৰিব ,তাৰে কেইটামান উদাহৰণ তলত দিয়া হৈছে :
১. ডাটা সংগ্ৰহ
ESP-এ বিভিন্ন প্ৰজাতিৰ যেনে পশু-পক্ষী, সামুদ্রিক জীৱ আদিৰ মাত আৰু সংকেত সংগ্ৰহ কৰে। আৰু এইসমূহ শব্দ ভিডিঅ' সহায়ত ৰেকৰ্ডে কৰি, আৰু সিহঁতৰ আচৰণৰ সমূহ ভিডিঅ'ত আৱশ্যক হ'ব।
২. শব্দৰ পেটাৰ্ণ চিনাক্ত কৰা
NLP আৰু Machine Learning (ML) ব্যৱহাৰ কৰি, ESP-এ পশু-পক্ষীৰ মাতত থকা পুনৰাবৃত্তি পেটাৰ্ণ চিনি পায়। উদাহৰণস্বৰূপে, আমি যে কেতিয়াবা কওঁ ফেঁচাৰ মাত কেতিয়াবা বিপদৰ সংকেত আৰু কেতিয়াবা আশাৰ সংকেত হিচাপে দিয়ে বুলি, ঠিক তেনেকৈ সিহঁতৰ মাত আৰু আচৰণ সমূহ ভিডিঅ' ৰেকৰ্ড কৰিব ল'ব।
৩. ভাষাগত মডেল সৃষ্টি
মানৱ ভাষাৰ দৰে, ESP-এ AI-মডেল সৃষ্টি কৰে যি বেলুগা তিমি, হাতী, চৰাই আদি প্ৰাণীৰ মাতৰ মাজত সংগঠন খুঁজে। এই মডেল দ্ৰব্য (Syntax) জৰিয়তে অৰ্থ (Semantics) বিচাৰি ভাষা গঠন কৰিব পাৰিব।
৪. অনুবাদ প্ৰচেষ্টা
NLP-এ শব্দসমূহৰ অৰ্থ উলিয়াবলৈ Deep Learning ব্যৱহাৰ কৰে। উদাহৰণস্বৰূপে, যদি এটা শিম্পাঞ্জীয়ে নিৰ্দিষ্ট শব্দ বা চিঞৰ কেবল এটা ফল খাবলৈ ব্যৱহাৰ কৰে, তেন্তে সেই শব্দৰ অৰ্থ "ফল" বুলি ধৰা হয়। কাৰণ ফলটো খাবলৈ কেৱল যদি বান্দৰে সেই একেটা মাত বা চিঞৰকে উলিয়াই তেন্তে সেই মাত জনা যাব যে সিহঁতক ফল লাগে বা বিছাৰিছে । এনেদৰে Deep Learning অৰ্থ উলিওৱা হ'ব।
৫. প্ৰাণীৰ সৈতে যোগাযোগ
ESP-এ AI ব্যৱহাৰ কৰি প্ৰাণী সমূহৰ ভাষা উলিয়াই, তাক প্ৰত্যুত্তৰ দিয়াৰ বা যোগাযোগৰ বাবে ব্যৱহাৰ কৰাৰ চেষ্টা কৰিছে। এনে ধৰণৰ প্ৰকল্পে ভবিষ্যতে মানুহ আৰু প্ৰাণীৰ মাজত উন্নত যোগাযোগ সম্ভৱ কৰিব পাৰিব।
এই ESP বা Earth Species Project আৰু
NLP বা Natural Language Processing গৱেষণা প্ৰতিষ্ঠানৰ দ্বাৰা AI-ৰ সহায়ত প্ৰাণী সমূহৰ ভাষা বুজিবলৈ আৰু মানৱ ভাষাৰ সৈতে মিলাবলৈ প্ৰচেষ্টা চলাই আছে।
বৰ্তমান আধুনিক যুগত পৃথিৱীত AI এ শীৰ্ষস্থান দখল কৰি এক তুলপাৰ সৃষ্টি কৰিছে, সেইয়া লাগিলে Open AI, Chat GPT নাইবা Deepseek এ হওঁক।
বন্ধুসকল এই বিষয়ে আপোনালোকৰ মতামত জনাবচোন !
আৰু লগতে প্ৰতিদিনে এনেধৰণৰ নতুন নতুন সত্য তথ্য মোৰ এই ফেচবুক পেজটো দ্বাৰা জানি যাবলৈ Follow কৰি দিব লগতে আনে জানিবলৈও শ্বেয়াৰ কৰি দিব। ধন্যবাদ
✍️.....মাইনা গগৈ Maina Gogoi